টীয়কৰ নাৰকীয় ঘটনাৰ তীব্ৰ প্ৰতিবাদ

0

চিত্তকমল বেজবৰা,

তিতাবৰ, ৩ ছেপ্টেম্বৰ, ২০১৯

ৰাজ্যৰ লগতে দেশত জোকাৰণিৰ সৃষ্টি কৰা টীয়কৰ নাৰকীয় ঘটনাৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি অব্যাহত থকাৰ সমান্তৰাল ভাৱে বৰ্বৰ ঘটনাটোৰ প্ৰতিবাদৰ ফলত ইয়াৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যতে পৰা পৰিলক্ষিত হৈছে।

নাৰকীয় ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰি চিকিৎসক সমাজে আজি দিনজোৰা কৰ্মবিৰতি পালন কৰাৰ ফলত ৰাজ্যৰ সাধাৰণ জনতাই অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হব লগা হয়। আজি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত পুৱাৰে পৰা ৰোগীৰ লানি নিছিগা ভিৰ দেখিবলৈ পোৱা যায়।

চিকিৎসক সমাজে কৰ্মবিৰতি পালন কৰাৰ ফলত বহু সময় ধৰি ৰোগী সকলে চিকিৎসালয় খনত ভিৰ কৰাৰ পাছতে বিনা চিকিৎসাৰেই ঘৰমুৱা হব লগা হয়।

জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত চিকিৎসক সমাজে মানৱীয় দৃষ্টিভঙ্গীৰে সেৱা আগবঢ়ালেও সাধাৰণ ৰোগী সকলৰ মাজত আহুকলীয়া পৰিস্থিতিৰ সূচনা হয়।

কৰ্মবিৰতি পালন কৰি টীয়কৰ নাৰকীয় ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে চিকিৎসক সমাজে।

Leave A Reply

Your email address will not be published.