দিনে দিনে বৃদ্ধি পাই আহিছে মানৱ সৰবৰাহৰ ঘটনা।

0

দেশৰ লগতে অসমতো এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে মানৱ সৰবৰাহৰ দৰে ভয়ংকৰ অপৰাধ। আৰ্থিক দীনতাত কক্ বকাই থকা একাংশ পৰিয়ালৰ ল’ৰা-ছোৱালী এনে মানৱ সৰবৰাহৰ দৰে ঘটনাৰ বলি হয়। আচৰ্যজনক কথা এইটোৱেই যে, সেই একাংশ পৰিয়ালৰ পিতৃ মাতৃৰ জ্ঞাতসাৰেই সংঘটিত হয় এনেবোৰ ঘটনা। অৰ্থৰ অভাৱত তেওঁলোক নিজেই মানৱ সৰবৰাহৰ দৰে ঘৃণনীয় ঘটনাত লিপ্ত হয়।

নিউজ ডেস্ক
গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০১৯
দেশৰ লগতে অসমতো এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে মানৱ সৰবৰাহৰ দৰে ভয়ংকৰ অপৰাধ। আৰ্থিক দীনতাত কক্ বকাই থকা একাংশ পৰিয়ালৰ ল’ৰা-ছোৱালী এনে মানৱ সৰবৰাহৰ দৰে ঘটনাৰ বলি হয়। আচৰ্যজনক কথা এইটোৱেই যে, সেই একাংশ পৰিয়ালৰ পিতৃ মাতৃৰ জ্ঞাতসাৰেই সংঘটিত হয় এনেবোৰ ঘটনা। অৰ্থৰ অভাৱত তেওঁলোক নিজেই মানৱ সৰবৰাহৰ দৰে ঘৃণনীয় ঘটনাত লিপ্ত হয়।

এনেধৰণৰ বহু উদাহৰণ আমাৰ ৰাজ্যত পৰিলক্ষিত হোৱা দেখা গৈছে। কিছুদিনৰ পূৰ্বে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীৰ এগৰাকী কিশোৰী অৰুণাচলত প্ৰায় ৯ বছৰৰ পিছত উদ্ধাৰ হোৱা ঘটনাও ইয়াৰে এক উদাহৰণ। তদুপৰি যোৱা ১৫ জুলাইত সন্মুখলৈ আহে আন এক মানৱ সৰবৰাহৰ ঘটনা। বকো নিবাসী বিকাশ ৰাভা আৰু ৰঙিয়া নিবাসী ভনিতা বৰ্মন নিউ বঙাইগাওঁ ৰেল ষ্টেছনত এই দুই অপৰাধীক আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়। আৰক্ষীৰ তদন্তত এই দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিত কয় যে তেওঁলোকে হেনো নিৰ্দোষ মহিলা কিশোৰ-কিশোৰীক গুজৰাট, হাৰিয়ানা কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি লৈ আহে।

আৰক্ষীৰ চকুত ধূলি দি এনেধৰণৰ বহু অপৰাধ সংঘটিত হৈ আছে আমাৰ সমাজত। বিশ্বনাথৰ পুজা, বঙাইগাঁৱৰ ‌সেই দুৰ্ভগীয়া তথা আন ৰাজ্যলৈ বিক্ৰী হ’ব লগীয়া কিশোৰ-কিশোৰীয়ে একমাত্ৰ উদাহৰণ নহয়। হাজাৰ হাজাৰ ল’ৰা-ছোৱালী আছে যি মানৱ সৰবৰাহকাৰীৰ দৰে নৰপিশাচৰ বলি হয়। কিন্তু প্ৰশ্ন উঠিছে যে কিয় ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো এনেধৰণৰ অপৰাধ সংঘটিত হ’বলৈ পাইছে? বিফল হৈ পৰিছে প্ৰশাসন ব্যৱস্থা।

প্ৰতি দিনে এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত হয় আৰু প্ৰশাসন ব্যৱস্থাই একো আওভাও যেন নাপায়। কেতিয়া জাগি উঠিব চৰকাৰ, সমাজ কল্যাণ বিভাগ, শিশু স্বেচ্ছাসেৱী সংগঠন, মহিলা সবলীকৰণ বিভাগ আদিৰ দৰে সমাজৰ সচেতনমূলক সংগঠন সমূহ? কেতিয়া শাস্তি প্ৰদান কৰা হ’ব এনেধৰণৰ অপৰাধত লিপ্ত থকা অপৰাধীক?

Leave A Reply

Your email address will not be published.