আহোম সেনাৰ মুখপাত্ৰ উদিত ফুকনৰ এল ডি পি ত যোগদান

আহোম সেনাৰ মুখ পাত্ৰ উদিত ফুকনে যোৱা ২১ জুন ২০২০ তাৰিখৰ দিনা ‘লিবাৰেল ডেমক্ৰেটিক পাৰ্টিত অসম’ত অনানুষ্ঠানিক ভাৱে যোগদান কৰে প্ৰায় ৩২ জন সহযোগিৰ সৈতে । Covid 19 ৰ বাবে Social Distance ৰ ওপৰত বিশেষ গুৰুত্ব ৰাখি ভিডিঅ কনফাৰেন্সৰ দ্বাৰা দলৰ চেয়াৰমেন প্ৰদ‍্যুৎ বৰা আৰু ৰাজ্যিক সভাপতি গুণ গগৈৰ উপস্থিতিত উদিত ফুকন ডাঙৰীয়াক পাৰ্টীৰ ৰাজ্যিক সম্পাদকৰ (বিত্ত) বিভাগৰ দায়িত্ব অৰ্পণ কৰে ।

উল্লেখযোগ্য যে LDP ত যোগদান কৰাৰ আগতেই ফুকনে আহোম সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ পদৰ পৰা ব্যক্তিগত কিছু কাৰণত অব্যাহতি বিচাৰি ২১ ফেব্ৰুৱাৰী ২০২০ চনতে কেন্দ্ৰীয় সভাপতিলৈ এখন আবেদন পত্ৰ দি থৈছিল বুলি জনায় । ফুকনে LDP ত যোগদান কৰালৈ এই মুহূৰ্তত লৈকে সংগঠনৰ কেন্দ্ৰীয় সভাপতিৰ প্ৰতিক্ৰিয়া বৰ্তমান সময়লৈকে জানিবলৈ পোৱা নায় ।

আনহাতে উদিত ফুকনে ২০১৮ চনতে ‘আহোম সেনাত’ মুখ পাত্ৰ হিচাপে যোগদান কৰাৰ আগৰে পৰা বিভিন্ন সামাজিক কৰ্মৰ লগতে এক বৈজ্ঞানিক চিন্তাধাৰাৰে এখন প্ৰগতিশীল সমাজ গঢ় দিবলৈ নতুন প্ৰজন্মৰ উদীয়মান ছাত্ৰ ছাত্ৰী সকলক আগবঢ়াই নিয়া কৰ্ম ব্যস্ত আছিল, স্কুল অৱ ইনুভেচন তাৰে এটা উদাহৰণ ।
পেশাগত ভাৱে উদিত ফুকন তেওঁ এটা ব্যক্তিগত অনুষ্ঠানৰ প্ৰতিস্থাপক আৰু পৰিচালক ।
LDP পাৰ্টীত যোগদান কৰাৰ একমাত্ৰ কাৰণ তেওঁ জনোৱাৰ মতে এক উদাৰ সামাজিক আৰু অৰ্থনৈতিক চিন্তা আৰু কৰ্মৰে অসম খনক আঞ্চলিকতাবাদি চিন্তাৰে আগবঢ়াই নিয়াৰ সপোনৰ বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰ বাবে।

  • অসম
  • ৰাজনীতি
Comments (0)
Add Comment