নতুন প্ৰজন্মক লগত লৈ আগবাঢ়িব খোজে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই

গুৱাহাটী মহানগৰীকে ধৰি সমষ্টিৰ সকলো ঠাইৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি

0

পূৰ্বৰ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ পুঁজিৰ ধনৰ উচিত ব্যৱহাৰ নকৰাৰ অভিযোগ

ব্যুৰো

গুৱাহাটী, ১০ এপ্ৰিল

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নতুন প্ৰজন্মৰ শক্তি আৰু প্ৰতিভাৰ ওপৰত আছে গভীৰ আস্থা।আমাৰ নতুন প্ৰজন্মৰ বাবে সেয়ে তেওঁৰ মনত আছে কিছু নতুন আৰু ব্যতিক্ৰমী পৰিকল্পনা।গু্ৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁ হেনো বিদেশৰ টাউন স্কোৱাৰৰ দৰে গুৱাহাটী মহানগৰীতো নিৰ্মাণ কৰিব এটি নতুনৰ ভাৱ বিনিময়ৰ মুকলি স্থান। মোডী চৰকাৰে প্ৰতি বছৰে ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ হোৱা বুলি উল্লেখ কৰি এক অন্তৰঙ্গ আলাপত ববিতা শৰ্মাই কয় যে সেই হিচাপত অসমৰ ২৫ লাখ যুৱকে প্ৰতি বছৰে চাকৰি পাব লাগিছিল যদিও কাৰ্যতঃ সেইবোৰ ফুটুকাৰ ফেনতহে পৰিণত হৈছে। তেওঁ সাংসদ হলে এনেবোৰ দিশৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে দক্ষতা বিকাশৰ ওপৰত জোৰ দিব বুলি মন্তব্য কৰে শৰ্মাই।

কংগ্ৰছে সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি অহা বুলি উল্লেখ কৰি তেওঁ কয় যে এমএনৰেগা, স্কিল ডেভেলপমেন্ট মিছন আদি আছনি কংগ্ৰেছ চৰকাৰেই আৰম্ভ কৰিছিল। কংগ্ৰেছ ক্ষমতালৈ আহিলে ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নূন্যতম ন্যায় আঁচনিৰ দ্বাৰা দেশৰ ২৫ শতাংশ জনসংখ্যা উপকৃত হব বুলি তেওঁ কয়। প্ৰতিটো পৰিয়ালৰ বাবে বাৰ হাজাৰ টকাৰ নূন্যতম আয় সুনিশ্চিত কৰাটো তেওঁলোকৰ লক্ষ্য বুলিও তেওঁ উল্লেখ কৰে।

গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজৰ খোৱাপানী, বিদ্যুতৰ লগতে কৃত্ৰিম বান, গৰাখহনীয়া,আদিৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দিব বুলি ব্যক্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। দীৰ্ঘদিন ধৰি গুৱাহাটী তথা অসমৰ ৰাইজৰ বাবে কাম কৰি অহা বুলি উল্লেখ কৰি ববিতা শৰ্মাই কয় যে পূৰ্বৰ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ পুঁজিৰ ধনৰ উচিত ব্যৱহাৰ কৰা বুলি তেওঁ বিশ্বাস নকৰে। তেওঁক নিৰ্বাচিত কৰিলে সাংসদ পুঁজিৰ ধনৰ সঠিক ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে শৰ্মাই।

Leave A Reply

Your email address will not be published.