চীনৰ ৰাষ্ট্ৰপ্ৰধান ছি জিনপিংৰ সচাঁ কাহিনী তেওঁৰ মুখেৰে

0

“মোৰ পিতৃয়ে দিয়া তিনিটা উপদেশে আজি মোক এই স্থানত উপনীত কৰাইছে ।”

সৰুতে মই বৰ স্বাৰ্থপৰ আছিলো। সকলো ক্ষেত্ৰতে নিজৰ সুবিধা আৰু লাভ ল’বলৈ চেষ্টা কৰিছিলোঁ। মোৰ এই স্বভাৱৰ বাবে লাহে লাহে মোৰ বন্ধুৰ সংখ্যা কমি যাব ধৰিলে। শেষত এনেকুৱা হৈ গ’ল যে মোৰ কোনো বন্ধুৱে নাথাকিল। কিন্তু সেই অপৈণত বয়সত মই তাৰ বাবে নিজক দায়ী নকৰি সিদ্ধান্ত ল’লো যে মোৰ বন্ধুবোৰেই আচলতে হিংসাকুৰীয়া। সিহঁতে মোৰ ভাল দেখিব নোৱাৰে। মোৰ পিতৃয়ে মুখেৰে একো নক’লেও এই সকলোবোৰ লক্ষ্য কৰি আছিল।
এদিনাখন নিশা ঘৰলৈ উভতি আহি দেখো, দেউতাই মোৰ বাবে খোৱা মেজত অপেক্ষা কৰি আছে। মেজত থোৱা আছে ৰান্ধি থোৱা ন্যুডুলচৰ দুখন প্লেট। এখন প্লেটত সিজোৱা ন্যুডুলচৰ ওপৰত আছে বাকলি গুচাই থোৱা এটা সিজোৱা কণী। আনখন প্লেটত আছিল কেৱল ন্যুডুলচ। দেউতাই মোক যিকোনো এখন প্লেট বাছি ল’বলৈ ক’লে। স্বাভাৱিক ভাবেই মই কণী থকা প্লেটখনকে টানি ল’লো। সেইবোৰ দিনত চীনত কণী আছিল এক দুষ্প্রাপ্য বস্তু। উৎসৱৰ দিনৰ বাহিৰে কাৰো ঘৰত কণী খোৱাৰ কথা তেতিয়া ভাবিবই পৰা নগৈছিল। খাবলৈ আৰম্ভ কৰাৰ পিছত দেখা গ’ল দেউতাৰ প্লেটৰ ন্যুডুলচৰ তলত আচলতে লুকুৱাই ৰখা আছে দুটা কণী। মোৰ ইমান দুখ লাগিছিল তেতিয়া। কিয় যে খৰধৰ কৰি বাছিবলৈ গৈছিলো। দেউতাই মোক চাই আছিল।খোৱা শেষ হোৱাত দেউতাই মৃদুভাৱে হাঁহি ক’লে, ” মনত ৰাখিবা, তোমাৰ চকুৱে যি দেখে, সেয়া সদায় সঁচা নহ’বও পাৰে। কেৱল চকুৰে চাই মানুহ কিম্বা কোনো পৰিস্থিতিক বিচাৰ কৰি সিদ্ধান্ত ল’লে ঠগ খোৱাৰ সম্ভাৱনা থাকে।”
পিছদিনা খন দেউতাই আকৌ খোৱাৰ মেজত ন্যুডুলচেৰে ভৰ্তি দুখন প্লেট ৰাখি মোক খাবলৈ মাতিলে। আগৰ দিনাৰ দৰেই এই বাৰো এখনত কণী আছে, আৰু আনখনত নাই। মোক যিকোনো এখন প্লেট বাছি ল’বলৈ কোৱা হ’ল। মই আগৰ অভিজ্ঞতাৰ পৰা জানিছোঁ, চকুৱে যি দেখে সেয়া সত্য নহ’বও পাৰে। মই কণী নোহোৱা প্লেটখনকে বাছি ল’লোঁ। কিন্তু খাবলৈ লৈ দেখিলোঁ ভিতৰত কোনো কণীয়েই নাই। দেউতাই মোৰ পিনে চাই আকৌ হাঁহিলে।
“অভিজ্ঞতাই সকলো সময়তে সঠিক পথ নেদেখুৱায়। জীৱন বৰ বিচিত্ৰ। জীৱনৰ বাটত বহুবাৰ আমি মৰীচিকাৰ সন্মুখত পৰিব লগীয়া হয়। ইয়াৰ পৰা উত্তৰণ অসম্ভৱ। জীৱনে যিটো তোমাক দিছে, সেয়া মানি ল’লে কষ্ট কম পাবা। তোমাৰ অভিজ্ঞতা আৰু বুদ্ধিমত্তাক অৱশ্যেই কামত লগাবা, কিন্তু শেষ কথা জীৱনেই ক’ব। ”
তৃতীয় দিনা আকৌ একেটা ঘটনাৰে পুনৰাবৃত্তি। আগৰ দিনাৰ দৰেই এইবাৰো এখনত কণী আছে, আৰু আনখনত নাই। কিন্তু তাৰ পাছৰ কথাখিনি অলপ বেলেগ ধৰণৰ হ’ল। এইবাৰ মই দেউতাক ক’লোঁ, “আগতে তুমি লোৱা। তাৰ পিছত মই। কাৰণ তুমি ঘৰৰ আটাইতকৈ জ্যেষ্ঠ, এই সংসাৰ তোমাৰ উপাৰ্জনেৰে চলে। তোমাৰ অধিকাৰ সকলোতকৈ আগত।”
শুনি দেউতাৰ মুখত উজ্জ্বল এটি হাঁহি ফুটি উঠিল, যদিও মুখেৰে একো নক’লে। খোৱা আৰম্ভ কৰি মই দেখিলোঁ ন্যুডুলচৰ তলত প্লেটখনত দুটা কণী আছে। খোৱাৰ শেষত দেউতাই মোক কাষলৈ মাতিলে। সস্নেহে মোৰ হাতত ধৰি ক’লে,”মনত ৰাখিবা, কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। তুমি জীৱনত যদি আনৰ কাৰণে ভাবা, আনক দিয়া,জীৱনেও তোমাৰ কথা ভাবিব, তোমাক আৰু বহু গুণ বেছি উভতাই দিব।”
দেউতাৰ এই তিনিটা উপদেশ মই আজীৱন মনত ৰাখিছোঁ, মানি চলিছোঁ। কি আশ্চৰ্য্য, সঁচাকৈয়ে জীৱনে মোক বহু গুণে বেছি উভতাই দিছে। আজি মই য’ত আছোঁ, সেয়া জীৱনৰ দানৰ বাহিৰে একো নহয়।”

Leave A Reply

Your email address will not be published.