দহ দিনৰ ভিতৰত পুণৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি..

0

গুৱাহাটীত সম্প্ৰতি প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭৬.৬০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৭০.৩৯ টকা হৈছেগৈ।

নিউজ ডেস্ক
গুৱাহাটী, ২৭ ছেপ্টেম্বৰ, ২০১৯
পুণৰ জনসাধাৰণৰ মূৰত মাধমাৰ। দহটা দিনৰ ভিতৰত পুণৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পালে। বিগত ১০ দিনৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ক্ৰমে ২.৭০ টকা আৰু ২.৩০ টকা বৃদ্ধি পাইছে।

ছৌডি আৰবৰ দুটা তেল খাদত হোৱা আক্ৰমণৰ পিছত বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য বাঢ়ি যাবলৈ ধৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ২০% বৃদ্ধিৰ ফলত ভাৰতীয় বজাৰত পেট্ৰ’লৰ দাম ৬ পইচা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭ পইচা বৃদ্ধি পাবলৈ ধৰে।

গুৱাহাটীত সম্প্ৰতি প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭৬.৬০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৭০.৩৯ টকা হৈছেগৈ।

Leave A Reply

Your email address will not be published.