বুঢ়া লুইতৰ বুকুত নিঃশেষ হৈ যাব ধৰিছে চন্দ্ৰপুৰৰ বনভোজস্থলী তপোবন।

0

চন্দ্ৰপুৰত যোৱা প্ৰায় ১৫ টা দিন ধৰি নেৰানেপেৰাকৈ চলিছে বুঢ়া লুইতৰ গৰাখহনীয়া। চন্দ্ৰপুৰ গাওঁ পঞ্চায়তৰ তাঁতীমৰা গাঁৱত যোৱা কিছুদিনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে চলাইছে তাণ্ডৱ।

নিউজ ডেস্ক
গুৱাহাটী, ১২ অক্টোবৰ, ২০১৯
মহানগৰীৰ নিকটৱৰ্তী অঞ্চল চন্দ্ৰপুৰত যোৱা প্ৰায় ১৫ টা দিন ধৰি নেৰানেপেৰাকৈ চলিছে বুঢ়া লুইতৰ গৰাখহনীয়া। চন্দ্ৰপুৰ গাওঁ পঞ্চায়তৰ তাঁতীমৰা গাঁৱত যোৱা কিছুদিনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে চলাইছে তাণ্ডৱ।

ইতিমধ্যেই গাওঁখনৰ এহেজাৰ বিঘাতকৈয়ো অধিক কৃষিভূমি ব্ৰহ্মপুত্ৰ বুকুত লীন হোৱাৰ পিছতে কৃষকসকলৰ লগতে অঞ্চলটোৰ মথাউৰিটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে।

এই তাঁতীমৰা গাঁৱবাসী ১৯৪১ চনৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ গৰাখহনীয়াত ভুক্তভোগী ।ইয়াৰে একাংশক চৰকাৰে সংস্থাপন দিছিল এই অঞ্চলটোত। কিন্তু এতিয়া এই অঞ্চলটোও বুৰ যাব ধৰিছে গৰাখহনীয়াত।

কিন্তু ইমানৰ পিছতো নিৰৱ হৈ আছে অসম চৰকাৰৰ জলসম্পদ বিভাগ। আনকি স্থানীয় বিধায়ক অতুল বৰাইও এইলোকসকলৰ দুৰ্গতিৰ ক্ষেত্ৰত কোনো ধৰণৰ মন-কাণ দিয়া পৰিলক্ষিত হোৱা নাই।

Leave A Reply

Your email address will not be published.