জিঅ’ গ্ৰাহকলৈ সামান্য সকাহ

0

জিঅ’ গ্ৰাহকে পূৰ্বৰ প্লেন বৈধতা শেষ নোহোৱালৈ উপভোগ কৰিব পাৰিব সকলো সুবিধা..

নিউজ ডেস্ক
গুৱাহাটী, ১২ অক্টোবৰ, ২০১৯
সমগ্ৰ দেশজুৰি চলিছে এতিয়া জিঅ’ৰ তীব্ৰ সমালোচনা। জিঅ’ আৰু ইয়াৰ মালিক আম্বানীক লৈ চছিয়েল মেডিয়াত ট্ৰ’ল কৰাও পৰিলক্ষিত হৈছে।

বৰ্তমান জিঅ’ চিমৰ বিষয়টো আছে ট্ৰেডিংত। কিন্তু কিয় চলিছে জিঅ’ক লৈ ইমান আলোচনা। দৰাচলতে জিঅ’ই ঘোষণা কৰিছে এক নতুন নিয়ম। তাক লৈহে চলিব ধৰিছে আলোচনা।

এই নিয়মৰ বাবে জিঅ’ৰ গ্ৰাহক পৰিছে সংকটত। জিঅ’ৰ নতুন নিয়ম অনুসৰি জিঅ’ৰ সলনি আন নম্বৰলৈ ফোন ক’ল কৰিলে গ্ৰাহকে প্ৰতিমিনিটত পৰিশোধ কৰিব লাগিব ৬ পইচাকৈ। প্ৰথমাৱস্থাত মাহেকীয়া ৰিছাৰ্জেৰে সকলো সুবিধা দিয়া জিঅ’ই হঠাতে গ্ৰহণ কৰে এনে এক নতুন সিদ্ধান্ত। নতুন নিয়ম ঘোষণাৰ পিছতে গ্ৰাহকসকলৰ মাজত প্ৰশ্ন জাগে কেতিয়া প্ৰৱৰ্তন কৰা হ’ব এই নতুন নিয়ম।

সেইমৰ্মে জিঅ’ই ঘোষণা কৰে যে এই নতুন নিয়ম কাৰ্যকৰী হ’ব ৯ অক্টোবৰৰ পিছত, অৰ্থাৎ ৯ তাৰিখৰ পূৰ্বে ৰিছাৰ্জ কৰা সকলে এই প্লেনৰ বৈধতা সম্পূৰ্ণ নোহোৱালৈকে পূৰ্বৰ সুবিধাসমূহ উপভোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.