কুম্ভকৰ্ণ নিদ্ৰাত গুৱাহাটী পৌৰ নিগম আৰু খাদ্য সুৰক্ষা বিভাগ

 জনস্বাস্থ্যলৈ ভাবুকি

0

ষ্টাফ ৰিপৰ্টাৰ
গুৱাহাটী, ১৮ অক্টোবৰ, ২০১৯
যোৱা কেইদিনমান পূৰ্বে পথৰ দাঁতিত মুকলিকৈ মাংস বিক্ৰী কৰাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল জি. এম. চি কতৃপক্ষই। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে কাঁচৰ বাকচত ধূলি বালি নপৰাকৈ মাংস বিক্ৰী কৰিবলৈ আদেশ প্ৰদান কৰিছিল।

নিৰ্দেশনা জাৰি কৰাৰ পাছত কেইমাহমান বজাৰে-বজাৰে গৈ জি. এম. চি কতৃপক্ষই অভিযান চলাইছিল যদিও বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গ’ল পৌৰনিগমৰ নিৰ্দেশ।

কোনো কেৰেপ নকৰাকৈ মুকলি কৈ পুনৰ মাংস বেপাৰ কৰা আৰম্ভ কৰে ব্যৱসায়ী সকলে। মহানগৰীৰ কেইটামান মুখ্য অঞ্চল যেনে উলুবাৰী, গণেশগুৰি, হাতীগাওঁ, বশিষ্ঠ, ছয়মাইল, চানমাৰি আদিৰ দৰে বহুতো অঞ্চলত মুকলি কৈ মাংস বিক্ৰী কৰি অহা পৰিলক্ষিত হৈছে। দেখিও নেদেখাৰ ভাঁও জুৰি আছে খাদ্য বিভাগৰ লগতে জি এম চিয়ে।
এই সকলোবোৰৰ কাৰণে ভুক্তভোগী হৈ পৰিছে সাধাৰণ ৰাইজ। পথৰ দাঁতিত মুকলিকৈ মাংস বিক্ৰী কৰাৰ বাবে চাৰিওঁফালে দুৰ্গন্ধময় হোৱাৰ ওপৰিও কুসিৎ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বহুতো বেমাৰ আজাৰে দেখা দিয়া পৰিলক্ষিত হৈছে। পেলনীয়া মাংস যেনে নাৰী- ভুঁৰুসমূহ জীৱ জন্তুই খাই ৰাস্তাৰ কাষত পেলাই বিয়পাই দিয়ে প্ৰদূষণ। দূষিত কৰি দিয়ে পৰিৱেশ।

এইবোৰৰ বাবে কেৱল পৌৰনিগম বা খাদ্য বিভাগে দায়ী নহয়। ইয়াৰ বাবে আমি সাধাৰণ ৰাইজো দায়ী। সজাগ নাগৰিক হিচাপে আমাৰো কিছুমান দায়িত্ব থাকে সমাজখনক লৈ। অমনোযোগিতাৰ বাবে এই মাংস বেপাৰী সকলে কোনো আপত্তিৰ সন্মুখীন নহোৱাকৈ মাংস বিক্ৰী কৰি আহিছে। কিন্তু প্ৰশ্ন হ’ল কেতিয়া জাগি উঠিব সমাজ? কেতিয়া পালন কৰিব সকলোৱে নিজৰ নিজৰ দায়িত্ব? কেৱল সমালোচনা কৰিলে সকলো সমস্যাৰ সমাধান নহয়।

Leave A Reply

Your email address will not be published.