ৰাজ্যত নাৰী শক্তিৰ উত্তাল প্ৰতিবাদ

“সৰ্বানন্দ সোনোৱালে যদিহে অসমীয়া জাতিৰ স্বাৰ্থত এই " কা" বাতিল কৰে তেতিয়া অসমবাসীৰ তেওঁলৈ থকা পূৰ্বৰ মৰম চেনেহ আকৌ ঘূৰাই পাব।” 

0

নিউজ ডেস্ক,
গুৱাহাটী, ২১ ডিচেম্বৰ, ২০১৯
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল নাৰী শক্তি। আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠৰ উদ্যেগত অনুষ্ঠিত ধৰ্মঘট কাৰ্যসূচীত নাৰী শক্তিৰ প্ৰতিবাদত গুঞ্জৰীত হৈ পৰিল আকাশ মাৰ্গ। ৪ কুৰি বৃদ্ধাও এই প্ৰতিবাদত যোগদান কৰা পৰিলক্ষিত হয়। গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আৰম্ভ কৰি তামুলপুৰ, লখিমপুৰ, তেজপুৰ, বোকাজান, ডিব্ৰুগড়, মাজুলি আদিতো দিনযোৰা কাৰ্যসূচীৰে একত্ৰিত হয় মহিলা সমাজ। সংশোধনী আইনৰ বিৰোধীতাৰে বিজেপি চৰকাৰক সমালোচনা কৰি মহিলা সমাজে অতি শীঘ্ৰে এই “কা”(আইন) উঠাই লোৱাৰ দাবী জনোৱাৰ লগতে যেতিয়ালৈ এই আইন বাতিল নহয় তেতিয়ালৈ তেওঁলোকৰ এই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে। অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ পূৰ্বে চৰকাৰক জাগ্ৰত হোৱাৰো উপদেশ দিয়ে। এফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক উদ্দেশ্য কৰি তেওঁলোকে কয় যে “সৰ্বানন্দ সোনোৱালে যদিহে অসমীয়া জাতিৰ স্বাৰ্থত এই ” কা” বাতিল কৰে তেতিয়া অসমবাসীৰ তেওঁলৈ থকা পূৰ্বৰ মৰম চেনেহ আকৌ ঘূৰাই পাব।”

Leave A Reply

Your email address will not be published.