প্ৰধানমন্ত্ৰীলৈ আছুৰ হুংকাৰ

0

নিউজ ডেস্ক,
গুৱাহাটী, ৩০ ডিচেম্বৰ, ২০১৯

সংশোধনী আইনখনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীসমূহত আছুৰ ভূমিকা গুৰুত্বপূৰ্ণ। আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যকৰ নেতৃত্বত সমগ্ৰ অসমবাসী ৰাইজ একত্ৰিত হৈ অসমী আইৰ অস্তিত্ব ৰক্ষিৰ এক সংগ্ৰামী যুজ বৰ্তমানো অব্যাহত ৰাখিছে। ২৯ ডিচেম্বৰ অৰ্থাৎ ৰবিবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত স্বহীদ ন্যাসত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশি একপ্ৰকাৰৰ হুংকাৰ দিয়ে আছুৰ সভাপতি দীপাংকৰ নাথে।
উল্লেখযোগ্ৰ যে অসমত আগন্তুক বছৰৰ পহিলা মাহৰ ১০ তাৰিখৰ পৰা অনুষ্ঠিত হ’বলগীয়া “খেল ইণ্ডিয়া” কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰধান মন্ত্ৰীৰ অগমন ঘটিলে আছুৰ ফালৰ পৰা অতি জোৰদাৰ প্ৰতিবাদ কৰা হ’ব। অৱশ্যে তেওঁলোকে প্ৰতিবাদ কেনেধৰনে আগবঢ়াব সেইক্ষেত্ৰত কোনো ধৰনৰ মন্তব্য প্ৰকাশ কৰা নাই। অনাগত দিন সমূহত সেই সম্পৰ্কে অৱগত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.