গণৰাজ্য দিৱস সমাগত

0

নিউজ ডেস্ক,
গুৱাহাটী,২ জানুৱাৰী, ২০২০

অগন্তুক গণৰাজ্য দিৱস সমাগত আৰু তাৰে পৰিপেক্ষিতত এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা পোৱা নাযাব পশ্চিমবংগৰ প্ৰতীকপট। এই কথা প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে সদৰি কৰে। এইবাৰ গণৰাজ্য দিৱসত পশ্চিমবংগৰ প্ৰতীকপটৰ বাবে পশ্চিমবংগৰ চৰকাৰৰ ফালৰ পৰা অহা প্ৰস্তাৱ প্ৰতিৰক্ষা সমিতিয়ে দুখনকৈ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অন্তত খাৰিজ কৰে।
উল্লেখযোগ্য যে এইবাৰ গণৰাজ্য দিৱসত পেৰেডৰ বাবে ৫৬ টা প্ৰস্তাৱৰ অহিছিল যদিও ইয়াৰ ভিতৰত ২২ টা প্ৰস্তাৱহে গ্ৰহণ কৰা হৈছে। এই নিৰ্বাচিত পেৰেডৰ ভিতৰত ১৬ টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ৬ টা প্ৰস্তাৱ আছে।

Leave A Reply

Your email address will not be published.