দীপৰ বিলত আৰম্ভ মাছ ধৰা অনুষ্ঠান

0

নিউজ ডেস্ক,
গুৱাহাটী, ৬ জানুৱাৰী, ২০২০
নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰাগত অনুষ্ঠানসমূহে শোভা বৰ্ধন কৰা পৰিলক্ষিত হয়। গুৱাহাটীৰ পৰা কেইবা কিলোমিটাৰ নিলগত অৱস্থিত আজৰাৰ দীপৰ বিলত প্ৰত্যেক বছৰৰ পহিলা ৰবিবাৰে অনুষ্ঠিত কৰা হয় পৰম্পৰাগত সমূহীয়া মাছ ধৰা কাৰ্যসূচী। চলিত বছৰৰ এই কাৰ্যসূচী অগতানুগতিক ভাৱে এসপ্তাহ চলিব।
উল্লেখযোগ্য যে ৫ জানুৱাৰী অৰ্থাৎ ৰবিবাৰে নিশা কেইবাশতাধিক মাছমৰীয়াই নাও, টাঙি, জাল আদিৰ লগতে মাছ ধৰা সজুলি সমূহৰ সৈতে দীপৰ বিলত নামে। এই অনুষ্ঠানত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভিন্ন ঠাইৰ পৰা অহা লোকসকলে মাছ কিনিবলৈ হেতা-ওপৰা কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.