কেবিনেট বৈঠকৰ জৰিয়তে আহিল অসমৰ বাবে সু-খবৰ…

0

নিউজ ডেস্ক,
গুৱাহাটী, ৮ জানুৱাৰী, ২০২০

আজি কেন্দ্ৰীয় কেবিনটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকে অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে লৈ কঢ়িয়াই আনিছে এক সু-বাৰ্তা। গুৱাহাটী, ইটানগৰ, দিমাপুৰকে আদি কৰি উওৰ-পূৱৰ নগৰ সমূহত পাইপ লাইন সংযোগ কৰা হ’ব বুলি কেবিনেটত অনুমোদন জনোৱা হয়। এই আঁচনিৰ ৬০ শতাংশ ধন সাহায্য হিচাপে দিব কেন্দ্ৰীয় চৰকাৰে। ইন্দ্ৰধনুষ গেছ লিমিটেডে গেছ গ্ৰীডাৰে সংযোগ কৰিব পাইপ লাইন। এই পাইপ লাইনৰ বাবত ব্যয় হ’বলগীয়া ৯০০০ কোটি টকাৰ ১০০০ কোটিৰ আৱণ্টন দিব কেন্দ্ৰই ।
উল্লেখযোগ্য যে কেবিনেটত অনুমোদন জনোৱা এই ব্যৱস্থা কাৰ্যকাৰী হলে গেছ চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ গ্ৰাহক সকলে যি ধৰনে আগতীয়াকৈ গেছ সমূহ বু’ক কৰিব লাগে আৰু লগতে এটা গেছৰ বাবে ঘণ্টা-ঘণ্টা ৰৈ থাকিব লাগে এই সমস্যা সমূহৰ পৰা কিছু হলেও সকাহ পাব।

Leave A Reply

Your email address will not be published.