মধ্যাহ্ন ভোজনৰ সন্থাৰ উপদেষ্টাৰ মুণ্ডন প্ৰতিবাদ

0

নিউজ ডেস্ক,
গুৱাহাটী, ১০ জানুৱাৰী, ২০২০
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈ থকাৰ সময়তে এইবাৰ মুণ্ডন কৰি প্ৰতিবাদত নামিছে এগৰাকী মহিলাই। মহানগৰীৰ চচলত সদৌ অসম প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
উল্লেখযোগ্য যে “কা” বাতিলৰ লগতে ৰান্ধনী সন্থাই দীৰ্ঘ সময়ৰ পৰা তেওঁলোকৰ মজুৰি ৯৫০০ লৈ বৃদ্ধি কৰাৰ লগতে চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল কিন্তু চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নললে, যাৰ ফলত তেওঁলোকে অনাগত দিনসমূত দিল্লীত সমূহিক মুণ্ডনৰ লগতে উলংগ প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে। আনহাতে, তেওঁলোকৰ এই প্ৰতিবাদৰ বাবে জগৰীয়া অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হ’ব বুলি দাবী কৰে।

Leave A Reply

Your email address will not be published.