হাউলী আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ

0

নিউজ ডেস্ক,
গুৱাহাটী, ১৪ জানুৱাৰী, ২০২০
ৰাজ্য চৰকাৰে যান-বাহন সমূহ নিয়ন্ত্ৰণৰ বাবে নতুন আইন বাহাল কৰাৰ পাছৰ পৰাই আৰক্ষী আৰু পৰিবহণ বিভাগে জনসাধাৰণক সুৰক্ষাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যে পাৰ্য্যমানে চেষ্টা অব্যাহত ৰাখিছে। যদিও জনসাধাৰনে এতিয়াও নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ হৈ উঠা নাই। প্ৰায়বোৰ যান-বাহন চালকে নথি-পত্ৰ অবিহনে গাড়ী-মটৰ চলাই আইন উলংঘা কৰি অহা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে হাউলী আৰক্ষীয়ে সোমবাৰে কলেজীয়া শিক্ষাৰ্থী, পুৰুষ, মহিলাকে আদি কৰি সকলোৱে যান-বাহন আইন মানি চলাটো গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে বাৰ্তা প্ৰেৰণ কৰিছে। সেই উদ্দেশ্যে যান-বাহন সমূহক অদাৰক কৰি আইন ভংগকাৰী সকলক জৰিমনা বিহে। যান-বাহন আৰক্ষীয়ে জানিব পৰা মতে আৰক্ষীয়ে আভিযনাত এক ঘণ্টাত প্ৰায় ৩০,০০০ টকা জৰিমনা বিহিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.