আজিৰে পৰা আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

0

নিউজ ডেস্ক
গুৱাহাটী,১৬ জানুৱাৰী,২০২০

আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। অসমৰ অতি আকৰ্ষণীয় উৎসৱ হ’ল জোনবিল মেলা। ৰজাদিনীয়া পৰম্পৰাৰে জিলিকি উঠিব জোনবিলৰ পাৰ। পাহাৰৰ পৰা নামি আহিব মামা-মামী। আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জোনবিল মেলা। এই মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা দেখা যায়৷ পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷ ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে৷

Leave A Reply

Your email address will not be published.