অহা ৩১ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব বেংকসমূহ

0

নিউজ ডেস্ক
গুৱাহাটী,১৬ জানুৱাৰী,২০২০

দেশজুৰি দুদিনৰ বাবে বন্ধ হৈ পৰিব বেংকসমূহ। অহা ৩১ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ ধৰ্মঘটৰ কাৰণে বন্ধ হৈ পৰিব বেংক সমূহ।
য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰিত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।
তথ্য অনুসৰি সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ উপৰিও অহা ১১,১২,১৩ মাৰ্চত বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।
অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে ICICI, AXIS, HDFC, YES বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।

Leave A Reply

Your email address will not be published.