পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল নগাঁৱৰ গোমোঠাগাঁৱত ম’হ যুঁজ

0

নিউজ ডেস্ক
গুৱাহাটী,১৬ জানুৱাৰী ২০২০

অসমৰ এটা প্ৰাচীন খেল হৈছে ম’হ যুঁজ। আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা চলি আহিছে ম’হ যুঁজ।পৰম্পৰাগতভাৱে মাঘৰ বিহুত চলি অহা ম’হ যুঁজ অনুষ্ঠিত হ’ল নগাঁৱৰ গোমোঠা গাঁৱত।প্ৰায় ৪১ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি আহিছে।
উল্লেখযোগ্য যে ,ভোগালী বিহুৰ সময়ত অসমৰ মানুহে ম’হযুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ কৌটি কলীয়া পৰম্পৰা আছে। পিছে শেহতীয়াকৈ যোৱা কেইবছৰ মানৰ পৰা আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ স্তব্ধ হোৱাৰ পিছত এইবাৰ কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।তাৰ পিছত পৰম্পৰা ৰক্ষাৰ বাবে এই ম’হৰ যুঁজখন অনুষ্ঠিত কৰি আহিছে। এই ম’হ যুঁজ চাবলৈ বহুতোলোকৰ ভিৰ হয়।এই ম’হৰ যুঁজলৈ ৩০ জোৰা ম’হৰ গৰাকীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.