প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চিন্তিত শ্ববানা আজমীৰ স্বাস্থ্যক লৈ..

0

নিউজ ডেস্ক,

গুৱাহাটী, ১৯ জানুৱাৰী, ২০২০

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চিন্তিত শ্ববানা আজমীৰ স্বাস্থ্যক লৈ ; এই কথা প্ৰকাশ কৰে টুইটাৰ যোগে। যোৱাকালি অৰ্থাৎ শনিবাৰে মুম্বাই-পোনে এক্সপ্ৰেছ ৱেইত তেওঁলোকৰ বাহন খনে ট্ৰাকখনত খুন্দাই যাৰ ফলত অভিনেত্ৰী গৰাকী কিছুপৰিমাণে আঘাত প্ৰাপ্ত হয়। তাৰ পিছতেই ট্ৰাকৰ মালিক গৰাকীয়ে শ্ববানা আজমীৰ বাহনৰ চালক গৰাকীৰ ওপৰত FIR ফাইল কৰে।

মোডীয়ে টুইটাৰ যোগে উল্লেখ কৰে যে “শ্ববানা আজমীৰ এই খবৰটো পাই তেওঁ খুব চিন্তাত ভুগিছে। খবৰটো বৰ দুখদায়ক আছিল। অতি শীঘ্ৰেই অভিনেত্ৰী গৰাকীৰ সু স্বাস্থ্য কামনা কৰে।” মুম্বাই-পোনে এক্সপ্ৰেছ ৱেইত তেওঁলোকৰ বাহন খনে ট্ৰাকখনত খুন্দিওৱাৰ ফলত তেওঁ মূৰত আঘাত পাই আৰু পিঠিত সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছতেই তৎক্ষণাত তেওঁক MGM হস্পিতালত ভৰ্তি কৰাই আৰু পৰৱৰ্তী সময়ত কোকিলাবেন ধীৰুভাই আম্বানী হস্পিতালত প্ৰেৰণ কৰে। গাড়ীখনত আছিল অভিনেত্ৰীগৰাকীৰ স্বামী তথা গীতিকাৰ জাভেদ আখটাৰ। তেওঁ সামান্যভাৱে আঘাত প্ৰাপ্ত হয় যদিও তেওঁ বৰ্তমান সুস্থ।

Leave A Reply

Your email address will not be published.