কাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ শ্ৰেণী বৰ্জন

0

নিউজ ডেস্ক, 
গুৱাহাটী, ২১ জানুৱাৰী, ২০২০

নাগৰিকত্ব সংশোধনী আইনৰ কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। এই দিনটোত বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ অৰ্থাৎ সম্পূৰ্ণ বন্ধ। উত্তৰ পূৰ্বাঞ্চলৰ সকলো মহাবিদ্যালয় বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ ঘোষণা।
তথ্য অনুসৰি,উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে আশা ব্যক্ত কৰিছে যে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত ‘কা’ৰ ধ্বংসাত্মক প্ৰভাৱৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব।
সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰা বিশ্ববিদ্যালয়সমূহৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল য়ুনিভাৰ্ছিটি, তেজপুৰ বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু নেৰিষ্ট।

Leave A Reply

Your email address will not be published.