নিৰ্ভয়া কাণ্ডৰ এক নতুন ৰূপ…

0

নিউজ ডেস্ক,
গুৱাহাটী,২৪ জানুৱাৰী,২০২০

কিউৰেটিভ পিটিশ্যন দাখিল কৰিব উচ্চতম ন্যায়ালয়ত নিৰ্ভয়া কাণ্ডৰ দোষীয়ে। নিৰ্ভয়া কাণ্ডৰ দোষীৰ এক নতুন অভিনয়। চৰিত্ৰ শুধৰণি হোৱা বুলি ন্যায়ালয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন। তিনিওজন দোষীয়ে নিজৰ চৰিত্ৰ তথা ব্যৱহাৰৰ শুধৰণি কৰাৰ কথা উল্লেখ কৰি ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাৰ বাবে দাখিল কৰিব আৱেদন। অধিবক্তা এ পি সিঙে জনোৱা অনুসৰি, কাৰাগাৰৰ পৰা নথি–পত্ৰ লাভ কৰাত পলম হোৱাৰ বাবে কিউৰেটিভ পিটিশ্যন দাখিলত বিলম্ব হৈছে।

বিশেষ সূত্ৰ অনুসৰি, দোষী বিনয়, পৱন আৰু অক্ষয়ে এদিন-দুদিনৰ ভিতৰতে সৰ্বোচ্চ ন্যায়লয়ত দাখিল কৰিব কিউৰেটিভ পিটিশ্যন। ইতিমধ্যে খাৰিজ হৈছে মুকেশৰ কিউৰেটিভ পিটিশ্যন।

Leave A Reply

Your email address will not be published.