২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চম বাৰ্ষিক উত্তৰ -পূৰ্বাঞ্চল আন্তৰ্জাতিক ‘ফেশ্বন সপ্তাহ’

“FASHION FOR ALL”

0

নিউজ ডেস্ক,
গুৱাহাটী, ২৭ জানুৱাৰী, ২০২০

২৮ জানুৱাৰী ২০২০ অৰ্থাৎ কাইলৈৰ পৰা মহানগৰী পাঞ্জাবাৰীস্থিত শিল্পগ্ৰামত সন্ধিয়া ৫ বজাত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব পঞ্চম বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল আন্তৰ্জাতিক ফেশ্বন সপ্তাহ। এই অনুষ্ঠানটো আয়োজন কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে। এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব খাদী বস্ত্ৰ উদ্যোগৰ উপ – মুখ্য কাৰ্যকৰী অধিকাৰী সুকমল দেৱ, আলোক চৰকাৰ ( CEO Of Ajitaksh Ventures) আৰু মনোজ দাস (CEO of Sufalam Streets) ।
বিগত বছৰৰ দৰে এই বছৰো এক উদ্দেশ্য আগত ৰাখি এই ফেশ্বন শ্ব’ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ মূল উদ্দেশ্য হ’ ল – ”FASHION FOR ALL” আৰু এই অনুষ্ঠানৰ আয়োজনৰ মূল কাৰণ হ’ল “SHELTER FOR ANIMALS”। প্ৰতি বছৰে বছৰে কিছুমান লক্ষ্য আৰু উদ্দেশ্য হাতত লৈ এই ‘ফেশ্বন শ্ব’টি অনুষ্ঠিত কৰা হয় ।
লক্ষ্মী লিম্বু, প্ৰিয়ংকা চক্ৰৱৰ্তী, ৰীনা দাস, গায়ত্ৰী ৰাজবংশী, বিকাশ ৰাভা আদিকে ধৰি বিভিন্ন আগশাৰী দেশী- বিদেশী ফেশ্বন ডিজাইনাৰ উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.