পুনৰ ফাদিল হ’ল প্ৰশ্নকাকত,এইবাৰ পঞ্চায়তৰ নহয়,জলসিঞ্চন বিভাগৰ।

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৩ ফেব্ৰুৱাৰী,২০২০

জলসিঞ্চন বিভাগৰ লিখিত পৰীক্ষাত প্রশ্নকাকত ছ’চিয়েল মিডিয়াৰ যোগে ফাদিল হোৱা সম্পর্কত উচ্চ পর্যায়ৰ তদন্ত বিচাৰিছে কংগ্রেছে৷ ৰিপুণ বৰাই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে, “চৰকাৰে যিটো প্রতিষ্ঠানক এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল, পৰীক্ষাৰ পূর্বেই প্রশ্নকাকত কেনেকৈ ফাদিল হ’ল, সেই সম্পর্কত চৰকাৰে উচ্চ পর্যায়ৰ তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰিব লাগে৷ তদন্তমর্মে দোষীক গ্রেপ্তাৰ কৰি শাস্তি বিহিব লাগে৷” এই ঘটনাই ৰাজ্য চৰকাৰখনে যে এটাও পৰীক্ষা শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাত ব্যর্থ হৈছে সেয়াই প্ৰতিফলিত হোৱা দেখা গৈছে।

আনফালে বিৰোধী দলপতি দেৱব্রত শইকীয়াই প্রশ্নকাকত ফাদিলৰ বিষয়টো মুখ্যমন্ত্রীক তদন্ত কৰাৰ দাবী জনাই কয় যে,”দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্রীয়ে এইক্ষেত্রত দৃষ্টান্তমূলক ব্যৱস্থা ল’ব লাগে৷”

Leave A Reply

Your email address will not be published.