অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিলে কুলধৰ শইকীয়াই

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৩ ফেব্ৰুৱাৰী,২০২০

অসম সাহিত্য সভাক কেন্দ্ৰ কৰি জাতি – জনগােষ্ঠীৰ ভাতৃত্ববােধ আৰু মিলনৰ থলী হৈ উঠিছে বস্ত্ৰনগৰী শুৱালকুছি । সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ কালি অৰ্থাৎ ২ ফেব্ৰুৱাৰী চতুর্থ দিনা জনসমুদ্ৰত পৰিণত হয় মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ জ্যোতিক্ষেত্র । উত্তৰ – পূবৰ মানচেষ্টাৰ হিচাপে খ্যাত আৰু মহামানৱ মহাত্মা গান্ধীৰ নীতি – আদর্শৰে উদ্বুব্ধ হৈ কর্ম – সংস্কৃতিৰ পৰিচয় দিয়া শুৱালকুছিবাসীৰ অতিথিপৰায়ণতাৰ মূর্ত প্রকাশ হৈছে সাহিত্য সভাৰ অধিৱেশনত আজি পুৱা সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে উত্তোলন কৰা সাহিত্য সভাৰ মূল পতাকাৰ লগতে ৭৫ সংখ্যক অধিৱেশন উপলক্ষে ৭৫ খন পতাকা উত্তোলন কৰা হয় । তদুপৰি এই সমূহ পতাকাৰ সন্মান অনির্দিষ্ট কাললৈ সুৰক্ষিত কৰাৰ অৰ্থে আন ১০২ খন পতাকা উত্তোলন কৰা হয় । মূল পতাকা উত্তোলন কৰি দিয়া ভাষণত ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে অসমীয়া ভাষাক বিশ্বৰ প্রেক্ষাপটলৈ নিয়াৰ বাবে জ্যোতি – বিষ্ণুয়ে দেখা সপােন সাহিত্য সভাৰ জৰিয়তে অসমবাসীয়ে অব্যাহত ৰাখিলেহে জাতি সংস্কৃতি জীয়াই থাকিব ।
অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিলে কুলধৰ শইকীয়াই ৷ সভাপতি শইকীয়াই ক’লে- আগুৱাই নিব লাগিব ভিন্ন জনগােষ্ঠীৰ আশা-আকাংক্ষা ।

Leave A Reply

Your email address will not be published.