আজি অসম সাহিত্য সভাৰ অন্তিমটো দিন

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী,২০২০

বস্ত্ৰনগৰী শুৱালকুছিত অসম সাহিত্য সভাৰ আজি অন্তিমটো দিন। আজি পুৱাৰ ভাগত কবি সুশীল শর্মা সাহিত্য মঞ্চত বাণীকান্ত কাকতি সোঁৱৰণী সাহিত্য–সমালোচক সন্মিলন, অতুল চন্দ্র বৰুৱা মূল মঞ্চত ‘মায়াৰাম তামুলী সাংবাদিক সন্মিলন’ অৰুণোদয় আৰু লক্ষীনাথ ফুকন সাংবাদিক বঁটাৰ লগতে পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীর্তিনাথ হাজৰিকা বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়৷ দিনৰ ১১ বজাত ভাষাবিদ ভগৱান মৰল মঞ্চত কনকলাল বৰুৱা সোঁৱৰণী বুৰঞ্জী সন্মিলন অনুষ্ঠিত হয়৷ তদুপৰি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত ছামছিং হাঞ্চে সোঁৱৰণী বুৰঞ্জী সন্মিলন অনুষ্ঠিত হ’ব৷ দিনৰ ১২ বজাত কবি সুশীল শর্মা সাহিত্য হাস্য আৰু ফণী তালুকদাৰ–ডলী তালুকদাৰ হাস্যব্যংগ সাহিত্য বঁটা। আনহাতে, দুই ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী অনুবাদক সন্মিলন আৰু বিশেষ অনুবাদ সন্মান অনুষ্ঠান৷ বিয়লি তিনি বজাত অসম সাহিত্য সভাৰ সেউজ যাত্রাৰ বিশেষ অনুষ্ঠান৷ সন্ধিয়া ৬ বজাত অতুল চন্দ্র বৰুৱা মূল মঞ্চত অনুষ্ঠিত হ’ব বর্ণাঢ়্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে। বিহুনৃত্য, লোকনৃত্য, লগতে কৃষ্ণমণি নাথ, পাঞ্চুনা ৰাভা, নির্মালি দাস আৰু যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গে গীত পৰিৱেশন কৰিব।

Leave A Reply

Your email address will not be published.