অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত পৰিবহণ বিভাগক যাৱতীয় কৰ দিবলৈ আহবান

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী, ২০২০

কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত বাণিজ্যিক আৰু ব্যক্তিগত সকলো শ্রেণীৰ যান-বাহনৰ গৰাকীক পৰিবহণ বিভাগক আদায় দিবলগীয়া পথ কৰকে ধৰি যাৱতীয় সকলো কৰ দিবলৈ আহবান জনাইছে৷
কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাই জনাইছে যে,যিসকল যান-বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক পথ কৰৰ লগতে নবীকৰণ কৰ বা আন যাৱতীয় কৰসমূহ আদায় দিবলৈ বাকী আছে, তেনে ব্যক্তিয়ে কার্যালয় খোলা থকা দিনত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত কার্যালয়ৰ নির্দিষ্ট কাউণ্টাৰত আদায় দি তাৰ প্রাপ্তিৰ ৰচিদ গ্রহণ কৰিবলৈ আহবান জনায় আৰু লগতে ফেব্রুৱাৰী মাহৰ ভিতৰত পথ কৰসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনসমূহৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ তৰফৰ পৰা মার্চৰ পৰা পথত বিশেষ অভিযান চলোৱা হ’ব৷ অভিযানকালত কৰ আদায় নিদিয়া বাহন ধৰা পৰিলে পৰিবহণ বিভাগে জৰিমনা, চলাচলৰ অনুজ্ঞা-পত্র সাময়িকভাৱে বাতিল কৰাৰ লগতে বিভাগীয় কার্য ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাই জানিবলৈ দিছে৷

Leave A Reply

Your email address will not be published.