অতি শীঘ্রে নির্ধাৰণ কৰা হ’ব খিলঞ্জীয়া

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৫ ফেব্ৰুৱাৰী,২০২০

অহা ১৫ ফেব্ৰুৱাৰীত দাখিল কৰিব এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন।কেন্দ্রীয় চৰকাৰে গঠন কৰি দিয়া ছয় নং দফা ৰূপায়ণ সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন আৰু বুদ্ধিজীৱী, ৰাইজৰ মতামত গ্রহণ কৰাৰ পিছত প্রতিবেদন সম্পূর্ণ কৰিছে।অসম চুক্তিৰ ছয় নং দফা অনুসৰি অতি শীঘ্রে নির্ধাৰণ হ’ব খিলঞ্জীয়া। খিলঞ্জীয়া অসমীয়া মানুহৰ সাংস্কৃতিক,অসমৰ খিলঞ্জীয়া জনজাতি,সামাজিক,আৰু ভাষিক পৰিচয়ৰ লগতে সাংবিধানিক ৰক্ষাকৱচ কেন্দ্রীয় চৰকাৰে বহাগ বিহুৰ সময়তে প্রদান কৰাৰ সম্ভাৱনা আছে৷
উল্লেখযোগ্য যে ছয় নং দফা ৰূপায়ণ সমিতিৰ বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ যুটীয়া সচিব সত্যেন গার্গৰ উপস্থিতিত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমিতিয়ে কেন্দ্রক দাখিল কৰিবলগীয়া প্রতিবেদন প্রায় চূড়ান্ত কৰে৷
খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা প্রভুত্বৰ বিষয়টো কেনেদৰে আগবঢ়াই নিব পাৰি, সেই বিষয়সমূহ আলোচনা কৰা হৈছে আজিৰ বৈঠকখনত।

Leave A Reply

Your email address will not be published.