বিজেপিৰ ‘আই টি চেল’ ক প্ৰত্যাহ্বান জনাই শিল্পী সমাজৰ কা বিৰোধী ৱেবচাইট মুকলি

0

নিউজ ডেস্ক, 
গুৱাহাটী,৬ ফেব্ৰুৱাৰী,২০২০

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত এতিয়াও অব্যাহত হৈ আছে তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদত ৰাজ্যৰ শিল্পীসমাজে লৈছে এক গুৰুত্বপূৰ্ণ ভূমিকা। আজি এখন সংবাদমেল সম্বোধন কৰি জুবিন, মানস, ৰবি, বৰষাৰ এক হুংকাৰ। বিজেপিক প্ৰত্যাহ্বান জনাবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমাজে হাতত লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।আৰম্ভ কৰিছে এটা ৱেবচাইট। ৱেবচাইটো হৈছে www.assamagainstcaa.in। নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত চলা বিভিন্ন অপপ্ৰচাৰ ৰোধ কৰিবলৈ এই ৱেবচাইট প্ৰস্তুত কৰা হৈছে।
এই সংবাদমেলখনত জুবিন গাৰ্গে কয় যে, ‘’২১ত বিকল্প কি হ’ব সেয়া ক’বলৈ এতিয়া অসুবিধা। সঠিক সময়ত ৰাইজে সিদ্ধান্ত ল’ব। এতিয়া কথা হ’ল কা বাতিল কৰিব লাগে। খেল হ’ব, ফিল্মফেয়াৰ হ’ব; সেয়া বেলেগ বিষয়।’ আৰু লগতে গৰিমা শইকীয়া গাৰ্গে কয় যে ‘অহিংসাৰ মাধ্যমেৰে আন্দোলন কৰা হৈছিল যদিও বিশ্বৰ আগত ইয়াক বিৰূপ ৰূপত দেখুৱা হৈছিল। হেংদাং হাতত লোৱা মানে কাটি দুছেও কৰি ৰক্ত ক্ষয় কৰাৰ কথা কোৱা হোৱা নাছিল, কোৱা হৈছিল যুঁজলৈ যোৱাৰ কথাহে। সেয়েহে social মিডিয়াৰ ব্যৱস্থাটো লোৱা হৈছে যাতে শুদ্ধ ৰূপত ‘কা’ বিৰোধী আন্দোলন উপস্থাপন হয়। ‘কা’ প্ৰকৃততে কি সেই বিষয়েও ৱেবচাইটত উল্লেখ থাকিব।’

Leave A Reply

Your email address will not be published.