পুণৰ উত্তপ্ত হোৱাৰ দিশত মেৰাপানী, এইবাৰ কাৰণ এন আৰ চি

নাগালেণ্ডত অসমীয়া লোকক আতিশৰ্য্যক লৈ অৰ্থনৈতিক অৱৰোধ

0

মেৰাপানীৰপৰা ৱাহিদুৰ ৰহমান, ২০ আগষ্ট:

সীমা বিবাদৰ বাবে নহয়, এইবাৰ আন্তঃৰাজ্যিক পাৰপত্ৰক কেন্দ্ৰ কৰি উত্তপ্ত হোৱাৰ দিশে আগবাঢ়িছে স্পৰ্শকাতৰ মেৰাপানী সীমান্ত । অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশ পোৱাৰ পাছৰে পৰা নাগালেণ্ডত আৰম্ভ হৈছে অসমীয়াৰ ওপৰত আতিশৰ্য্যৰ ধাৰাবাহিক প্ৰক্ৰিয়া । বিশেষকৈ নাগালেণ্ডৰ ৱাখা জিলাৰ আৰক্ষী প্ৰশাসনে উদ্দেশ্যপ্ৰণোদিত ভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰৰ নামত বিগত এটা পষেকে ব্যাপক হাৰাশাস্তি দি আহিছে জিলাখনত প্ৰৱেশ কৰা গাড়ীচালক আৰু ব্যৱসায়ীসকলক । ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে পাৰপত্ৰৰ অজুহাতত বহুকেইজন অসমীয়া গাড়ীচালক আৰু ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈও প্ৰেৰণ কৰিছে ।

এই সম্পৰ্কত চাৰিদিন পূৰ্বে এখন সভা অনুষ্ঠিত কৰি মেৰাপানী মিনি ট্ৰাক মালিক সন্থাই গোলাঘাট জিলা প্ৰশাসনক সোমবাৰ পৰ্যন্ত সময় ধাৰ্য্য কৰি দিছিল । কিন্তু তাৰ পাছতো নাগালেণ্ড আৰক্ষীয়ে অসমীয়া লোকৰ ওপৰত আতিশাৰ্য্য অৱ্যাহত ৰাখিছে । ইয়াৰ প্ৰতিবাদ স্বৰূপে সোমবাৰে বিয়লি চাৰিবজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অনিৰ্দ্দিষ্টকালৰ বাবে মেৰাপানীত আৰম্ভ হৈছে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ ।

 

মেৰাপানী মিনি ট্ৰাক মালিক সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে মেৰাপানী ৱখা পথেৰে সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ কৰি দিছে । বিষয়টো নিস্পত্তি নোহোৱা পৰ্যন্ত এই অৱৰোধ কাৰ্যসূচী অৱ্যাহত ৰখাৰ সিদ্ধান্ত লৈছে প্ৰতিবাদকাৰী সংগঠন দুটাই । উল্লেখযোগ্য যে, অনতিপলমে বিষয়টোৰ সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসন আৰু নাগালেণ্ডৰ ৱখা জিলা প্ৰশাসনে সমাধানসূত্ৰ বাহিৰ নকৰিলে পৰিস্থিতি বেয়াৰ দিশে অগ্ৰসৰ হোৱাৰ সম্ভাৱনাই অধিক ।

 

 

Leave A Reply

Your email address will not be published.