ভয়ংকৰ ভূমিস্খলনৰ কবলত উত্তৰ ছিকিম

0

গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ কবলত পৰিছে উত্তৰ ছিকিম। ভূমিস্খলনৰ ফলত ১০নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ হৈ পৰিছে যাতায়াত। একপ্ৰকাৰ বৰ্হিবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে উত্তৰ ছিকিমৰ জংগু,মাংগান,লাছেন আৰু মানচেলা জিলাৰ। শেহতীয়াকৈ ২৯ মাইল, সেতীঝৰা আৰু কালী মন্দিৰৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। পাহাৰৰ মাটি খহি পুতি পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ।

Leave A Reply

Your email address will not be published.