ছিকিমে লাভ কৰিলে প্ৰথমটো বিমানবন্দৰ

0

 

গুৱাহাটী , ২৪ ছেপ্টেম্বৰ : এতিয়াৰে পৰা আপুনিও ছিকিমলৈ যাব পাৰিব বিমানেৰে । হয় , ছিকিমে আজি লাভ কৰিলে ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰ । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে ২০০৯ বৰ্ষৰ পৰা নিৰ্মাণ কৰি থকা পকয়ং বিমান বন্দৰ । উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যপাল গংগা প্ৰসাদ , মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং , ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং , এছ এছ আহলুআলিয়া আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভু আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি । উল্লেখযোগ্য যে , প্ৰায় ৬০০ কোটি টকা খৰচেৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটো ৰাজ্যখনৰ ৰাজধানী গেংটকৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ আঁতৰত আৰু সাগৰপৃষ্ঠৰ পৰা ৪৫০০ ফুট উচ্চতাত অৱস্থিত । জানিব পৰা মতে , অহা ৪ অক্টোবৰত এই বন্দৰৰ পৰা বিমানৰ চলাচল আৰম্ভ হ’ব ।

Leave A Reply

Your email address will not be published.