আমগুৰিত সৌৰশক্তি পাৰ্কৰ আধাৰশিলা স্থাপন

0

ব‍্যুৰো

শিৱসাগৰ, ৪মাৰ্চ

অসমৰ ঘৰুৱা শক্তি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলপতে শিৱসাগৰ জিলাৰ আমগুৰিত ৭০ মেগাৱাট শক্তিসম্পন্ন আমগুৰি সৌৰশক্তি পাৰ্কৰ আধাৰশিলা স্থাপন


কৰে।

এই বিশেষ পাৰ্কখনত আধুনিক প্ৰযুক্তিবিদ্যাৰদ্বাৰা সৌৰশক্তি উৎপাদন কৰা হ’ব আৰু ইয়াত গৱেষণাৰ ব্যৱস্থা, সৌৰশক্তি সম্পৰ্কীয় সজাগতা কেন্দ্ৰ, বিজ্ঞানাগাৰকে ধৰি পৰিৱেশ অনুকূল বিভিন্ন সা-সুবিধা থাকিব। পুনৰ নৱীকৰণযোগ্য শক্তিৰে চালিত হোৱাৰ বাবে উক্ত পদ্ধতিত ইন্ধনৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা নহ’ব।

শক্তি উৎপাদনৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰাৰ বাবে ২০৩০ চনৰ ভিতৰত ৬,৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ  লক্ষ্য স্থিৰ কৰি চৰকাৰে এই পদক্ষেপ লৈছে।

আমগুৰিৰ সৌৰশক্তি প্ৰকল্পটোৱে ঘৰুৱা শক্তিৰ চাহিদা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে দক্ষ, যোগ্য যুৱক-যুৱতীসকলৰ সংস্থাপনৰ পথ মুকলি কৰিব  বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.