অসমত আৰম্ভ এনপিপিৰ নতুন যাত্ৰা

'দিল্লীয়ে উত্তৰ-পূবৰ কথা চিন্তা নকৰে সেয়া আমিয়েই কৰিব লাগিব' কনৰাড চাংমা

0

গুৱাহাটী:

১৭ মাৰ্চ, ২০১৯

পি এ চাংমাই জন্ম দিয়া নেশ‍্যনেল পীপ’লছ পাৰ্টিৰ অলপতে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল নতুন সমিতিৰ লগতে কাৰ্যালয় গৃহ। উত্তৰ পূৱক সদায় একত্ৰিত কৰি ৰখাৰ সপোনক বাস্তৱ ৰূপ দিয়ে বুধবাৰে পি এ চাংমাৰ পুত্ৰ তথা এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি, মেঘালয়ৰ মুখ‍্যমন্ত্ৰী কনৰাড চাংমাই‌।

ভাষন প্ৰসংগত তেওঁ ক’য়- ‘দিল্লীয়ে সদায় সংখ‍্যাৰ ওপৰতহে গুৰুত্ব দিয়ে’ সেয়েহে উত্তৰ পূবৰ খিলঞ্জীয়াই একত্ৰিত শক্তি দেখুৱাৰ সময় আহি পৰিছে।’
তেওঁ লগতে কয় ‘দিল্লীত চৰকাৰ সলনি হয়, কোনোবাই কয় লুক ইষ্ট প’লিচি’ৰ কথা আৰু কোনোবাই কয় এক্ট ইষ্ট পলিচি’ৰ কথা। কিন্তু ‘লুক ইষ্ট’ এ হওক বা এক্ট ইষ্ট’- এ হওক সকলো উত্তৰ পূৱৰ মানুহেই কৰিব লাগিব।’
কিছুদিন পূৰ্বে অগপৰ পৰা পদত্যাগ কৰি এন পি পিত যোগ দিয়া দিলীপ বৰাক অসমৰ আহ্বায়কৰ দায়িত্ব দিয়া হয় লগতে কনক গগৈক সহযোগী আহ্বায়কৰ দায়িত্ব দিয়া হ’য়।
অগপৰ পৰা পদত্যাগ কৰা দিৱস ফুকনকে ধৰি যুৱ প্ৰজন্মৰ বহুকেইগৰাকীয়ে বুধবাৰে দলটোত যোগদান কৰে।
অসমত ৰাজ্যিক কাৰ্যালয় মুকলি কৰাৰ পিছতে কনৰাড চাংমাই এখন সংবাদমেল সন্মোধন কৰি উত্তৰ পূবৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা  ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.