৩৭১ অনুচ্ছেদ দৰাচলতে কি?

0

অনুচ্ছেদ ৩৭১ দৰাচলতে কি?

তৃষ্ণা কৌশিক
গুৱাহাটী, ১৭ আগষ্ট, ২০১৯

৩৭০ অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক প্ৰদান কৰা বিশেষ সুবিধা আঁতৰাই মোদী চৰকাৰে জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে। ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৩৭১ অনুচ্ছেদৰ অন্তৰ্গত ৰাজ্য সমূহৰ পৰাও অনুচ্ছেদ ৩৭১ বাতিল হোৱাৰ আশংকাৰ সৃষ্টি হয়। এই আশংকাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে চৰকাৰৰ অনুচ্ছেদ ৩৭১ প্ৰত্যাহাৰৰ কোনো অভিপ্ৰায় নাই।
কিন্তু প্ৰশ্নটো হ’ল যে অনুচ্ছেদ ৩৭১ দৰাচলতে কি?
অনুচ্ছেদ ৩৭১ হ’ল এক সাংবিধানিক চুক্তি যাৰ অধীনত থকা ৰাজ্যসমূহে এক বিশেষ অধিকাৰ লাভ কৰে।এই অধিকাৰ গুজৰাট, মহাৰাষ্ট্ৰ আৰু হিমাচলত প্ৰয়োগ কৰা হৈছে। ৩৭১ নং চুক্তি অনুসৰি ইয়াৰ অন্তৰ্গত ৰাজ্য সমূহৰ লগতে এই ৰাজ্যৰ ৰাজ্যপালেও এক বিশেষ ধৰণৰ বিকাশ বৰ্ড প্ৰতিষ্ঠা কৰিব পাৰে। তাৰোপৰি এই চুক্তিয়ে নিশ্চিত কৰে যে সমানেই উন্নয়নমূলক ধনৰ লগতে শিক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰিব।
তেনেদৰে অনুচ্ছেদ ৩৭১ (এ) নাগালেণ্ড ৰাজ্যত প্ৰয়োগ কৰা হৈছে। ইয়াত নাগালেণ্ড ৰাজ্যক ১৯৪৯ চন আৰু ১৯৬৩ চনত তিনিটা বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল। প্ৰথমটো অধিকাৰ অনুসৰি ভাৰতীয় সংসদৰ কোনো আইন নগাসকলৰ সাংস্কৃতিক আৰু ধাৰ্মিক অনুষ্ঠানত প্ৰয়োগ কৰা নহ’ব। দ্বিতীয়তে, নগাসকলৰ প্ৰথাগত আইন আৰু পৰম্পৰা সমূহক লৈ ভাৰতীয় সংসদৰ আইন তথা উচ্চতম ন্যায়ালয়ৰ কোনো আদেশ প্ৰয়োগ কৰা নহ’ব। তৃতীয়তে, নাগালেণ্ডৰ ভূমি কোনো নগাসকলৰ বাহিৰে আন কাকো স্থানান্তৰিত কৰিব নোৱাৰে।
অনুচ্ছেদ ৩৭১ (বি) অসম, মণিপুৰ আৰু মেঘালয় ৰাজ্যত প্ৰয়োগ কৰা হৈছে।এই অনুচ্ছেদ অনুসৰি ট্ৰাইবেল সকলে বিশেষ সুবিধা লাভ কৰিব পৰিব।
অনুচ্ছেদ ৩৭১ (ডি) অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰয়োগ কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ হাতত এক বিশেষ অধিকাৰ থাকে যাৰদ্বাৰা তেওঁ সেই ৰাজ্যৰ ৰাজ্যপালক আদেশ দিব পাৰে কোনটো চাকৰিৰ বাবে কোনটো বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজন। তাৰোপৰি এই ৰাজ্যক শৈক্ষিক সংৰক্ষণ প্ৰদান কৰা হয়।
৩৭১ (এফ) অনুচ্ছেদ ছিক্কিমত প্ৰয়োগ কৰা হৈছে। যাৰ জৰিয়তে ছিক্কিমে সম্পূৰ্ণ ৰাজ্যৰ ভূমি অধিকাৰ লাভ কৰে। এই ৰাজ্যৰ ভূমি বিবাদক লৈ ভাৰতীয় সংসদ আৰু উচ্চতম ন্যায়ালয়ে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে।
অনুচ্ছেদ ৩৭১ (জি) মিজোৰামত প্ৰয়োগ কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি এই ৰাজ্যৰ ভূমিৰ মালিকানাৰ অধিকাৰ কেৱল তাৰেই আদিবাসী সকলৰ হে আছে।
অনুচ্ছেদ ৩৭১ (এইছ) অৰুণাচল প্ৰদেশত প্ৰয়োগ কৰা হৈছে। এই ৰাজ্যত ৰাজ্যপালক এক বিশেষ আইনী অধিকাৰ প্ৰদান কৰা হৈছে। এই ৰাজ্যত মুখ্যমন্ত্ৰীৰ কোনো আদেশ অথবা সমাধানক ৰাজ্যপালে নাকচ কৰিব পাৰে।
মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড সংৰক্ষিত অঞ্চল হোৱা বাবে এই ৰাজ্যত প্ৰৱেশ কৰিলে ভাৰতীয় চৰকাৰ দ্বাৰা পৰিচালিত এখন অনুমতি দৰ্খাস্ত লব লাগে।

Leave A Reply

Your email address will not be published.