৩২০খন অচল বাছ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে পৰিবহন নিগমে

0

ৰাইজৰ কথা চিন্তা নকৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰায় ৩২০ খন অচল বাছক বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ…
নিউজ ডেস্ক
গুৱাহাটী, ১৭ আগষ্ট, ২০১৯

যি সময়ত বিভিন্ন অঞ্চলত বাছৰ অভাৱৰ বাবেই ৰাইজৰ যোগাযোগ ব্যৱস্থাত যথেষ্ট অসুবিধা হৈছে তেনে সময়তে নিগমে বাছ বিক্ৰী কৰাতহে গুৰুত্ব প্ৰদান কৰিছে। প্ৰায় ৩২০খন অচল বাছ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে নিগমে। কৰ্মচাৰী সকলৰ অভিযোগ নিগমৰ অচল বাছ ব্যক্তি বিশেষে ক্ৰয় কৰাতকৈ সেই অচল বাছ সমূহক চলোৱাৰ ব্যৱস্থা কৰাত গুৰুত্ব প্ৰদান নকৰে কিয়?
বৰ্তমান নিগমৰ নিজস্ব বাছ ৭০১খন আছে আৰু ইয়াৰ অধীনত ১৪১৫ খন বাছ চলি আছে কিন্তু অসমৰ বিভিন্ন অঞ্চলত এতিয়াও ১৫০০ খনতকৈও অধিক বাছৰ প্ৰয়োজন। আশ্চৰ্যজনক কথা এইয়ে যে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও অসম ৰাজ্যিক পৰিবহণ নিগমৰ অচল বাছ বিক্ৰীৰ সিদ্ধান্তক অনুমতি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.