অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ স্থাপন কৰা হ’ব ভাৰতীয় খাদ্য নিগমৰ ২১ টা খাদ্য ভাণ্ডাৰ

0

এফ চি আইৰ পৰা অসমলৈ প্ৰতিটো মাহত ১.৪০ লাখ মেট্ৰিক টন খাদ্যশস্য আহে। কিন্তু দেশৰ ২.৫৮% জনসংখ্যা আছে অসমত। গতিকে ইয়াত খাদ্য শস্যৰ অধিক গুদামৰ প্ৰয়োজন।

নিউজ ডেস্ক
গুৱাহাটী, ২৩ আগষ্ট, ২০১৯

অসমকে ধৰি উত্তৰ-পূবত ২১ টা নতুন খাদ্য ভৰাঁল স্থাপন কৰিব এফ চি আইয়ে। এই কথা গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হোৱা সংবাদমেলত উল্লেখ কৰে কেন্দ্ৰীয় খাদ্য ৰাজ্যমন্ত্ৰী ৰাওচাহেব পাটিল ডান্ভেয়ে।

অসমৰ ৫খন জিলা ক্ৰমে দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু ডিমাহাচাওত স্থাপন কৰা হ’ব এই খাদ্য গুদাম।

উত্তৰ পূৱৰ আন ৰাজ্য ত্ৰিপুৰাত চাৰিটা, নাগালেণ্ডত চাৰিটা, অৰুণাচল প্ৰদেশত ৪টা, মণিপুৰত ৩টা আৰু মিজোৰামত এটা খাদ্য ভৰাঁলৰ প্ৰয়োজন থকা বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য, এফ চি আইৰ পৰা অসমলৈ প্ৰতিটো মাহত ১.৪০ লাখ মেট্ৰিক টন খাদ্যশস্য আহে। কিন্তু দেশৰ ২.৫৮% জনসংখ্যা আছে অসমত। গতিকে ইয়াত খাদ্য শস্যৰ অধিক গুদামৰ প্ৰয়োজন।

কেন্দ্রীয় খাদ্য ৰাজ্যমন্ত্ৰী ডানভে কয় যে একমাত্ৰ কৃষকসকলক আৰ্থিক ভাৱে লাভান্বিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

Leave A Reply

Your email address will not be published.