২০২০ বৰ্ষৰ পহিলা মাহত সংশোধিত ভোটাৰ তালিকা !! তৎপৰ তিতাবৰত নিৰ্বাচনী আয়োগ-মহকুমা প্ৰশাসন ।

0

 

চিত্তকমল বেজবৰা

তিতাবৰ,৩ ছেপ্টম্বৰ, ২০১৯

ৰাজ্যৰ নিৰ্বাচনী আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণ অভিযানৰ অংশস্বৰূপে তিতাবৰতো মহকুমা প্ৰশাসন আৰু নিৰ্বাচনী আয়োগে তৎপৰতা প্ৰদৰ্শন কৰিছে।

তিতাবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠান যোগে স্থানীয় দল সংগঠন আৰু সংবাদকৰ্মীক সম্বোধন কৰি তিতাবৰৰ নিৰ্বাচনী বিষয়া নৱদ্বীপ চংমাইয়ে ইয়াৰ লগত জড়িত বিষয় সমূহ সদৰী কৰে।

তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া মিতালি লাহন, মৰিয়নি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ লগতে মহকুমা প্ৰশাসনৰ কেইবাজনো বিষয়া উপস্থিত থকা অনুষ্ঠানটোৰ জৰিয়তে নিৰ্বাচনী বিষয়া গৰাকীয়ে কয় যে আজিৰে পৰা আৰম্ভ হোৱা ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া অহা ১৫ অক্টোবৰ পৰ্যন্ত অব্যাহত থাকিব।

এই সময়ছোৱাত ভোটাৰ ৰাইজে নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ বিৱৰণ তথা তথ্য সন্নিৱিষ্ট কৰিব পাৰিব। ভোটাৰ লিষ্টত কোনো ভোটাৰৰ বিসংগতি থাকিলে ১৫ অক্টোবৰৰ ভিতৰত আপত্তি দৰ্শাই সংশোধন কৰিব পাৰিব।

কোনো ব্যক্তিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নহলে নতুবা কাৰোবাৰ নাম অন্তৰ্ভুক্ত কৰিব লগা থাকিলে শুদ্ধ তথ্যৰে আবেদন কৰাৰ সুবিধা লাভ কৰিব।

কোনো সদস্য স্থায়ী ভাবে বেলেগ অঞ্চললৈ গুচি যোৱা নতুবা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ থকা কোনো মৃত ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰিব। এই ক্ষেত্ৰত উল্লেখিত বিষয় সমূহৰ বাবে ৰাইজে ভোটাৰ হেল্পলাইন মোবাইল এপ, এন ভি এছ পি পোৰ্টল আৰু ভোটাৰ সহায়ক কেন্দ্ৰৰ জৰিয়তেও ৰাইজে সুবিধা আদায় কৰিব পাৰিব বুলি উল্লেখ কৰিছে।অন্যহাতেদি বিষয়ে ভাবে সক্ষম লোক সকলে হেল্পলাইন নম্বত ১৯৫০ ৰ জৰিয়তে সুবিধা লাভ কৰিব পাৰিব। লক্ষণীয় ভাবে তিতাবৰ মহকুমাত ইতিমধ্যে চাৰিটাকৈ ভোটাৰ সহায়ক কেন্দ্ৰ মুকলি কৰিছে নিৰ্বাচনী আয়োগ তথা মহকুমা প্ৰশাসনে।

ইয়াৰে তিতাবৰ মহকুমাধিপতি কাৰ্যালয়, তিতাবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু তিতাবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মুকলি কৰা এই কেন্দ্ৰৰ জৰিয়তে ৰাইজে সকলো সুবিধা আদায় কৰিব পাৰিব।

এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগ তথা মহকুমা প্রশাসনে ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে।

Leave A Reply

Your email address will not be published.