ইতিহাস ৰচনা কৰাৰ পথত চন্দ্ৰযান-২, শণিবাৰে পুৱা অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত

0

নিউজ ডেস্ক
গুৱাহাটী, ৬ ছেপ্টেম্বৰ, ২০১৯
ডেৰ মাহ পূৰ্বে জোনবাইৰ দেশলৈ যাত্ৰা কৰা চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ আজি অৰ্থাৎ শণিবাৰে পুৱা অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। ইছৰোৰ ৱেবচাইটৰ তথ্য অনুসৰি শুক্ৰবাৰে মাজ নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত চন্দ্ৰযান-২ৰ লেণ্ডাৰ ‘বিক্ৰম’ অৱৰোহণ কৰিব চন্দ্ৰৰ বুকুত।

নিশা ডেৰ বজাৰ পিছত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি থ্ৰাষ্টাৰৰ জৰিয়তে প্ৰতি ছেকেণ্ডত ৬ কিলোমিটাৰ হ’ব আৰু প্ৰতি ঘণ্টাত ইয়াৰ গতি হ’ব ২১৬০০ কিলোমিটাৰ।

অৱতৰণৰ শেষৰ ১৫ মিনিট হ’ব অতি কঠিন তথা প্ৰত্যাহ্বানৰ সময়। এই ১৫ মিনিটৰ সময়খিনিত ইয়াৰ গতি ৬ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি প্ৰতি ছেকেণ্ডত কৰি দিয়া হ’ব ২ মিটাৰ আৰু ঘণ্টাত ৭ কিলোমিটাৰ।

চন্দ্ৰপৃষ্ঠত অৱৰোহণৰ প্ৰায় তিনি ঘণ্টা পিছত বাহিৰলৈ আহিব ৰ’ভাৰ ‘প্ৰজ্ঞান’। কেইটামান মুহূৰ্তৰ অপেক্ষাৰ অন্তত ১০ বছৰৰ পিছত পুণৰবাৰ ইতিহাস ৰচনা কৰিব চন্দ্ৰযান-২।

উল্লেখযোগ্য যে ২০০৮ চনত মহাকাশলৈ যাত্ৰা কৰা চন্দ্ৰযান-১য়ে কক্ষপথত ৩,৪০০তকৈ অধিক পৰিভ্ৰমণ কৰিছিল আৰু ২০০৯ চনৰ আগষ্ট মাহৰ লৈকে সৰ্বমুঠ ৩১২ দিন সক্ৰিয় আছিল।

Leave A Reply

Your email address will not be published.