বিশ্ব আত্মহনন প্ৰতিৰোধী দিৱস

0

কাৰণ। ২০১৮ চনৰ শেহতীয়া সমীক্ষাত দেশৰ প্ৰতি ঘন্টাত এজনকৈ ছাত্ৰই আত্মহনন কৰে আৰু প্ৰতি ৪০ ছেকেণ্ডত এজনকৈ লোকে আত্মহত্যা কৰাৰ উপৰি ২০ জন লোকে আত্মহত্যাৰ চেষ্টা চলায়। তদুপৰি ভাৰতত ২,৩০,৩১৪ জন আত্মহনন কৰা লোকৰ ভিতৰত এন আৰ চিৰ বাবে ৫৭ জন লোকে আত্মহত্যা কৰে।

নিউজ ডেস্ক
গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০১৯

মঙ্গলবাৰে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়।

১৯৯০ চনৰ পৰা ভাৰতত আত্মহননৰ দৰে ঘটনা বৃদ্ধি পাই আহিছে। বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত ১৭.৫ শতাংশ আত্মহননৰ ঘটনা সংঘটিত হয়। ১,৮৭,০০০ গৰাকী লোকে আত্মহত্যা কৰে ২০১০ চনত কিন্তু ২০১৬ চনৰ ভিতৰত ইয়াৰ সংখ্যা দুগুণ বৃদ্ধি পায় ২,৩০,৩১৪ জন হয়গৈ।

 

আত্মহত্যা এক অপৰাধ এই কথা জনাৰ পিছতো প্ৰতি বছৰে বিশ্বত প্ৰায় আঠ লাখ লোকে আত্মহত্যা কৰে আৰু ভাৰতবৰ্ষত ১০,০০০ লোকৰ ভিতৰত ১৬.৪ গৰাকী মহিলা আৰু ২৫.৮ জন পুৰুষে আত্মহত্যা কৰে। বিশ্বৰ ভিতৰতে যোৱা ১৯৯০ চনৰ পৰা বৰ্তমানলৈ পুৰুষৰ আত্মহননৰ ক্ষেত্ৰত তৃতীয় স্থানত আৰু মহিলাৰ ক্ষেত্ৰত চতুৰ্থ স্থানত লাভ কৰিছে। আত্মহননৰ দৰে ঘটনাৰ আঁৰত থাকে পাৰিবাৰিক সংঘাত, প্ৰেমত প্ৰতাৰণা, অতিমাত্ৰা সুৰাপান সেৱন, শিক্ষা জনিত বহু কাৰণ। ২০১৮ চনৰ শেহতীয়া সমীক্ষাত দেশৰ প্ৰতি ঘন্টাত এজনকৈ ছাত্ৰই আত্মহনন কৰে আৰু প্ৰতি ৪০ ছেকেণ্ডত এজনকৈ লোকে আত্মহত্যা কৰাৰ উপৰি ২০ জন লোকে আত্মহত্যাৰ চেষ্টা চলায়। তদুপৰি ভাৰতত ২,৩০,৩১৪ জন আত্মহনন কৰা লোকৰ ভিতৰত এন আৰ চিৰ বাবে ৫৭ জন লোকে আত্মহত্যা কৰে।
আত্মহত্যা এক অপৰাধ আৰু ইয়াৰ চেষ্টা কৰিলে আইনী ভাৱে দণ্ডনীয় শাস্তি পাব এই কথা সকলোৱে জানে কিন্তু তাৰপিছতো ইয়াক হ্ৰাস কৰিব পৰা যোৱা নাই চৰকাৰে বৰঞ্চ বৃদ্ধিহে পাবলৈ ধৰিছে। ভাৰতৰ দৰে দেশ এখনত বৰ্তমান মানসিক স্বাস্থ্য উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। মানসিক স্বাস্থ্যৰ বিকাশ হ’লেহে দেশৰ বিকাশ ‌সাধন হ’ব। ইয়াকে উদ্দেশ্য হিচাপে লৈ আজি সমগ্ৰ বিশ্ব জুৰি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়।

Leave A Reply

Your email address will not be published.