কোকৰাঝাৰত আৰক্ষী অধীক্ষকৰ হাতত প্ৰহৃত দণ্ডাধীশ

0

আৰক্ষী অধীক্ষক ৰাজেন সিঙে আৱাসৰ পৰা চোঁচৰাই নি মাৰপিট কৰে দণ্ডাধীশগৰাকীক। ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট।

ব্যুৰো

গুৱাহাটী, ২০ ছেপ্তেম্বৰঃ

কোকৰাঝাৰত আৰক্ষী অধীক্ষকে প্ৰহাৰ কৰিলে দণ্ডাধীশক। এচিএছ বিষয়া শৈলেন দাসক প্ৰহাৰ কৰিলে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ, ফাইল ফটো

আৰক্ষী অধীক্ষক ৰাজেন সিঙে আৱাসৰ পৰা চোঁচৰাই নি মাৰপিট কৰে দণ্ডাধীশগৰাকীক। ৰাজেন সিঙে ফালি পেলালে দণ্ডাধীশে পিন্ধি থকা ছাৰ্ট।

মাৰপিটৰ পূৰ্বে দুয়োজনৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। তাৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে চৰকাৰী আৱাসৰ পৰা চোঁচৰাই আনে এ চিএছ বিষয়াগৰাকীক।

CCTVত বন্দী হৈ ৰ’ল সমগ্ৰ দৃশ্য।

Leave A Reply

Your email address will not be published.