সোণোৱাল চৰকাৰৰ কৰ্পৰেট কৰ ৰেহাইৰ সন্দৰ্ভত কৰা দাবী ভিত্তিহীন: কংগ্ৰেছ

0

ৰাজীৱ ভৱনত কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে ইয়াৰ পৰা অকল আম্বানী, আদানি আদিৰ নিচিনা ডাঙৰ-ডাঙৰ আৰু চৰকাৰৰ অনুগত ব্যৱসায়ীক গোষ্ঠীৰহে উন্নতি হ’ব। তেওঁ কয় যে ইতিমধ্যে এডভাণ্টেজ অসমৰ দ্বাৰা বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ পাছত তেল আৰু গেছখণ্ডত ৫২ হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে সেয়াও গোকাট মিছা।

নিউজ ডেস্ক
গুৱাহাটী ২৭ ছেপ্টেম্বৰ, ২০১৯
বিত্তমন্ত্রী নির্মলা সীতাৰমণে কর্প’ৰেট খণ্ডৰ কৰ ৰেহাইৰ কথা ঘোষণা কৰাৰ পাছত অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ অর্থনৈতিক উন্নয়ন দ্রুত হ’ব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে যি দাবী কৰিছে সেয়া ভিত্তিহীন বুলি মন্তব্য কৰিছে কংগ্ৰেছে।

ৰাজীৱ ভৱনত এক সংবাদমেলত বৃহস্পতিবাৰে কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে ইয়াৰ পৰা অকল আম্বানী, আদানি আদিৰ নিচিনা ডাঙৰ-ডাঙৰ আৰু চৰকাৰৰ অনুগত ব্যৱসায়ীক গোষ্ঠীৰহে উন্নতি হ’ব। তেওঁ কয় যে ইতিমধ্যে এডভাণ্টেজ অসমৰ দ্বাৰা বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ পাছত তেল আৰু গেছখণ্ডত ৫২ হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱা বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে সেয়াও গোকাট মিছা।

সর্বানন্দ সোণোৱালে বহিৰাগত যিবিলাক ব্যৱসায়িক গোষ্ঠীয়ে টকা বিনিয়োগ কৰাৰ কথা কৈছিল সেইবিলাক কাৰ্য্যক্ষেত্ৰত পৰিণত হোৱা নাই বুলিও তেওঁ কয়।

কয়লা চিণ্ডিকেটৰ কথাও উল্লেখ কৰি কংগ্ৰেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে চিণ্ডিকেটত জড়িত ১৯ জনকৈ ব্যক্তিৰ তালিকা তথ্য সহকাৰে জনোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা নোলোৱা বিষয়টোৱে শাসকীয় চৰকাৰখনৰ ফালেও সন্দেহৰ আঙুলি টোঁৱাইছে।

Leave A Reply

Your email address will not be published.