অসম মৰাপাট কলৰ উৎপাদন পুণৰাৰম্ভ

0

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ৫ মে’

“লকডাউন”ৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা নগাঁও জিলাৰ শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে ।

ক’ৰণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে ঘোষণা কৰা “তলাবন্ধ”ৰ ফলত উদ্যোগটিৰ উৎপাদন প্ৰক্ৰিয়া যোৱা ২৪ মাৰ্চৰ পৰা বন্ধ আছিল । ২৪ মাৰ্চৰ পৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ “তলাবন্ধ”ৰ বাবে ৩ মে’লৈকে ৪১ দিন ধৰি মৰাপাট কলটো বন্ধ হৈ আছিল । ফলত কোটি টকাৰো অধিক ক্ষতিৰ সন্মুখীন হৈছিল উদ্যোগটো ।

সম্প্ৰতি চৰকাৰে ঘোষণা কৰা তৃতীয় পৰ্যায়ৰ “তলাবন্ধ”ৰ নীতি অনুসৰি মৰাপাট কল কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰিছে মৰাপাট কলটিৰ উৎপাদন ।

মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে জনোৱা মতে মৰাপাট কলটিত এহেজাৰ বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিক আছে । সোম বাৰৰ পৰা “তলাবন্ধ”ৰ নীতি মানি ৩০ শতাংশ বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিক কামত নিয়োজিত হৈছে । অৰ্থাৎ সেইমতে ৩০০ জন কৰ্মচাৰী-শ্ৰমিক নিয়োজিত হৈছে কামত ।

তিনিটা ভাগত ২৪ ঘন্টাই কাম চলা এই উদ্যোগটিৰ “তলাবন্ধ”ৰ নীতি অনুসৰি এতিয়া মাত্ৰ এটা শ্বিফটহে কাম চলিব ।

স্মৰ্তব্য যে সমবায় ভিত্তিত গঢ়ি উঠা শিলঘাটৰ এই কলটি ভাৰতৰ একমাত্ৰ মৰাপাট কল । ৰাজ্যখনৰ ভিতৰতে এক লাভজনক উদ্যোগ হিচাপে চিহ্নিত হৈ আহিছে । কিন্তু দীঘলীয়া “তলাবন্ধ”ই পুনৰ কঁকাল ভাগিলে এই সমবায় ভিত্তিত মৰাপাট উদ্যোগটিৰ ।

Leave A Reply

Your email address will not be published.