শিলঘাটৰ সমবায় মৰাপাট কলৰ বিষয়া-কৰ্মচাৰী-শ্ৰমিকে নলয় তলাবন্ধৰ সময়ৰ দৰমহা

0

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ১০ মে’

নগাঁও জিলাৰ শিলঘাটৰ “অসম সমবায় মৰাপাট কল”ৰ বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকসকলে মিলটি জীয়াই ৰখাৰ স্বাৰ্থতে চৰম ত্যাগ কৰিবলৈ সাঁজু হৈছে।


সমবায় খণ্ডত প্ৰতিষ্ঠা হোৱা অসমৰ একমাত্ৰ মৰাপাট উদ্যোগ ৰূপে পৰিচিত কলটিত সম্প্ৰতি কৰ্মৰত সকলো বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকে “তলাবন্ধ”ৰ সময়ছোৱাৰ ৪৩ দিনৰ দৰমহা নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈয়ে জনোৱা মতে অসম সমবায় মৰাপাট কলটোৰ বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকৰ দৰমহাৰ বাবদ প্ৰতিমাহে প্ৰায় এক কোটি ৩০ লাখ টকা খৰচ হয় ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “তলাবন্ধ”ৰ মাজতো কৰ্মৰত সকলো কৰ্মচাৰীক দৰমহা আদায় দিয়াৰ কথা কৈছিল । কিন্তু মিলটোৰ যিহেতু অৰ্থনৈতিক অৱস্থা টনকিয়াল নহয় সেয়ে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মিলটোক জীয়াই ৰখাৰ স্বাৰ্থত মিলটিত কৰ্মৰত সকলো বিষয়া,কৰ্মচাৰীৰ লগতে শ্ৰমিকসকলে “তলাবন্ধ”ৰ সময়ত ৪৩ দিনৰ পাৰিশ্ৰমিক নলয় বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

গগৈয়ে আৰু জনাইছে যে মিলটোৰ সভাপতিক প্ৰতিমাহে প্ৰায় ৫০ হেজাৰ আৰু উপ-সভাপতিক প্ৰায় ৪০ হেজাৰ টকা পাৰিশ্ৰমিক দিয়া হয় । যদিও বিগত দুই-আঢ়ৈ বছৰ ধৰি সভাপতি আৰু উপ-সভাপতিয়ে এই পাৰিশ্ৰমিক লোৱা নাই ।

উল্লেখযোগ্য যে মৰাপাট কলটিৰ সভাপতি পদত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আৰু উপ সভাপতি পদত পলাশ বৰা অধিস্থিত হৈ আছে । ইতিমধ্যে মৰাপাট কলটিৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

সম্প্ৰতি এই মৰাপাট কলটিত এহেজাৰগৰাকী বিষয়া-কৰ্মচাৰীৰ লগতে শ্ৰমিক কৰ্মৰত হৈ আছে ।

Leave A Reply

Your email address will not be published.