নাহৰকটীয়াত হালধীয়া বৰষুণ

0

Debojit Sonowal 

Naharkatia, ১০ এপ্ৰিল:

সমগ্ৰ বিশ্ব কভিড ১৯ত আতংকত দিন অতিবাহিত কৰাৰ সময়তে নাহৰকটীয়াৰ বাহনি গাওঁত সংঘটিত হয় এক অপ্ৰাকৃতিক ঘটনা।

গাওঁখনলৈ বিয়লি অহা এজাক বৰষুণত, বৰষুণৰ পানীৰ লগতে সৰি পৰিল হালধীয়া ৰঙৰ কিছু পদাৰ্থ। যাৰ বাবে কেতিয়াও নেদেখা কেতিয়াওঁ নুুশুনা এই পদাৰ্থ দেখি আতংকিত হৈ পৰে গাওঁবাসী।

প্ৰায় ১০ মিনিট মান সময়  অহৰহ অহা হালধীয়া বৰষুণ জাকে গাওঁখনৰ প্ৰায় সংখ্যকেই লোকৰ ঘৰ আৰু ৰাজপথ সম্পূৰ্ণকৈ হালধীয়া কৰি পেলায়ইফালে ঘটনাস্থলীত জয়পুৰ আৰক্ষী উপস্থিত হৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৩ চনত এনে এক অনুৰূপ বৃষ্টিপাত ভাৰতৰ কেৰেলাৰ এখন জিলাত হৈছিল।

Leave A Reply

Your email address will not be published.