“চৰকাৰী নিৰাপত্তাৰ কোনো প্ৰয়োজন নাই”: প্ৰফুল্ল কুমাৰ মহন্ত।

“নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰাৰ ফলত চৰকাৰৰ এই সিদ্ধান্ত তেওঁৰ ওপৰত লোৱা প্ৰতিশোধৰ বাহিৰে আন একো নহয়।”

0

নিউজ ডেস্ক,
গুৱাহাটী,২২ ডিচেম্বৰ,২০১৯
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁৰ “Z+” নিৰাপত্তা প্ৰত্যাহাৰৰ সন্দৰ্ভত এখন সংবাদমেলৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া দৰ্শাই কয় যে “নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰাৰ ফলত চৰকাৰৰ এই সিদ্ধান্ত তেওঁৰ ওপৰত লোৱা প্ৰতিশোধৰ বাহিৰে আন একো নহয়।” তদুপৰি তেওঁ নিজৰ কাৰ্যকালত অসমবাসীক বিশ্বাসঘাটকতা কেতিয়াও কৰা নাছিল বুলিও উল্লেখ কৰে। অসম চুক্তিক অপমানো তেওঁ কৰিব নোৱাৰে; গতিকে অসমবাসীৰ লগত তেওঁ সদায় থাকিব আৰু তাৰ বাবে তেওঁক চৰকাৰৰ নিৰাপত্তাৰ কোনো প্ৰয়োজন নাই। সমগ্ৰ অসমবাসী ৰাইজৰ নিৰাপত্তা তেওঁৰ লগত আছে। এফালে তেওঁৰ নিৰাপত্তা কৰ্তনৰ আৰঁত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত থকাৰো সন্দেহো প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.