অসমৰ পুনৰ অৰ্জন স্বৰ্ণ পদক

0

নিউজ ডেস্ক,
গুৱাহাটী, ১৪ জানুৱাৰী, ২০২০
গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইছত ১৩ জানুৱাৰী অৰ্থাৎ সোমবাৰে আয়োজক ঘৰুৱা দল অসমে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত সুন্দৰ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ সৰুসজাইৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ল’ৰাৰ ২১ বছৰ অনুুৰ্ধ শাখাৰ খেলত অসমৰ দলটোৱে ৪×১০০ মিটাৰ ৰেলীত জয়ী হৈ সোণৰ পদক লাভ কৰিছে।
আনহাতে, খেলো ইণ্ডিয়া ক্ৰীড়া প্ৰতিযোগিতাৰ আন এটা সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ ৰহাৰ গংগোত্ৰী বৰদলৈয়ে। সোণাপুৰত অনুষ্ঠিত হোৱা চাইক্লিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি গংগোত্ৰীয়ে স্বৰ্ণ পদক বুটলিবলৈ সক্ষম হয়। তেওঁৰ সফলতাই সমগ্ৰ ৰাজ্যবাসীক বাৰুকৈয়ে আনন্দিত কৰিছে । গংগোত্ৰীয়ে পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়তো অসমক প্ৰতিনিধিত্ব কৰি সফলতা লাভ কৰি আহিছে।

Leave A Reply

Your email address will not be published.