উচ্চতম ন্যায়ালয়ে নূন্যতম দৰমহা নিৰ্ধাৰণ কৰি দিছে চাকৰিয়াল সকলৰ বাবে

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৪ ফেব্ৰুৱাৰী, ২০২০

উচ্চতম ন্যায়ালয়ে নূন্যতম দৰমহা নিৰ্ধাৰণ কৰি দিছে স্নাতক উত্তীৰ্ণ চাকৰিয়াল সকলৰ বাবে ।চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ দিছে যে,স্নাতক উত্তীৰ্ণ কৰ্মচাৰীৰ মাহে দৰমহা নূন্যতম হ’ব লাগিব ১৯,৫৭২ টকা। মেট্ৰিক উত্তীৰ্ণ চাকৰিয়ালৰ নূন্যতম দৰমহা হ’ব লাগিব প্ৰতি মাহে ১৬,৩৪১ টকা।উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চাকৰিয়ালৰ মাহিলী নূন্যতম দৰমহা হ’ব লাগিব ১৭,৯৯১ টকা। কেন্দ্ৰীয় চৰকাৰক এই নিৰীক্ষ কাৰ্যকৰী কৰিবলৈ উচ্চতম ন্যায়ালয়ে৩ মাৰ্চ,২০১৭ চনতে নিৰ্দেশ দিয়ে।
তথ্য অনুসৰি, বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত স্নাতক উত্তীৰ্ণ কৰ্মচাৰীক বহু কম দৰমহাৰ বিনিময়তে নিয়োজিত কৰে বিভিন্ন প্ৰতিষ্ঠানে।ফলত যথেষ্ট পৰিমাণে আৰ্থিক সংকটত পৰাও দেখিবলৈ পোৱা যায়।কিন্তু কৰ্মচাৰীক যেন কিছু সকাহ দিছে উচ্চতম ন্যায়ালয়ে।

Leave A Reply

Your email address will not be published.