৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব গুৱাহাটী চিনে ক্লাবৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচিচত্র মহোৎসৱ

0

নিউজ ডেস্ক, 
গুৱাহাটী, ৬ ফেব্ৰুৱাৰী,২০২০

অহা ৭ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব অসম ৰাজ্যিক সংগ্রহালয়ৰ কনকলাল বৰুৱা প্রেক্ষাগৃহত গুৱাহাটী চিনে ক্লাবৰ দ্বাদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচিচত্র মহোৎসৱ ।পুৱা ১১-৩০ বজাত ব্রিটিছ একাডেমি অব৲ ফিল্মছ এণ্ড টেলিভিছন আর্টছৰ দ্বাৰা বঁটাপ্রাপ্ত চুটি চলচিচত্র প্রদর্শনেৰে আৰম্ভ হ’ব৷
দিনৰ ২-১০ বজাত গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা চুটি চলচিচত্র প্রতিযোগিতাৰ নির্বাচিত চুটি চলচিচত্র প্রদর্শন কৰা হ’ব৷ আবেলি ৫ বজাত অনুষ্ঠিত হ’ব লগীয়া উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ বিশিষ্ট চলচিচত্র পৰিচালক অৰিবাম শ্যাম শর্মা উপস্থিত থাকিব আৰু লগতে ক্লাবৰ মুখপত্র ‘চিত্রচিন্তা’ উন্মোচন কৰিব৷ সন্ধিয়া ৫-৪৫ বজাত নংফাদুক লেপাক অতিথি প্রদর্শন কৰা হ’ব৷ মহোৎসৱত টিউনিচায়ৰ দুখন, কাজাখাস্তান, তুর্কীস্তান, চেক ৰিপাব্লিক আৰু ডেনমার্ক আৰু বাংলাদেশৰ চলচিচত্র প্রদর্শন কৰা হ’ব৷ জাহুু বৰুৱা পৰিচালিত ‘মেইনে গান্ধীকো নেহী মাৰা’, এহাছান মুজিদৰ পৰিচালিত ‘পখিলাৰ পাখি’ প্রদর্শন কৰা হ’ব৷

Leave A Reply

Your email address will not be published.