আজি বিশ্ব ডাক দিৱস

0

গুৱাহাটী,৯ অক্টোবৰঃ আজি বিশ্ব ডাক দিৱস। ১৮৭৪ চনৰ ৯ অক্টোবৰ তাৰিখে ‘ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নে’ ছুইজাৰলেণ্ডত পোনপ্ৰথমবাৰৰ বাবে ডাক ব্যৱস্থাৰ আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰাই যোগাযোগৰ ক্ষেত্ৰ খনত এক নতুন বিপ্লৱৰ সূচনা কৰিছিল এই ডাক সেৱাই। বিশ্ব ডাক দিৱসৰ আৰম্ভণি কৰিছিল এজন ভাৰতীয়ই। ১৯৬৯ চনত জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱা ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ মহাসভাত ভাৰতৰ প্ৰতিনিধি শ্ৰী আনন্দ মোহন নাৰুলাই এই প্ৰস্তাৱ উত্থাপন।কৰিছিল আৰু তেতিয়াৰ পৰাই ৯ অক্টোবৰ দিনটো সমগ্ৰ বিশ্বতে ডাক দিৱস হিচাপে পালন কৰি অহা হৈছে। অৱশ্যে ভাৰতত ১০ অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰীয় ডাক দিৱস হিচাপে পালন কৰা হয়।

Leave A Reply

Your email address will not be published.